• পেৰালিম্পিকত প্ৰথমটো স্বৰ্ণ পদক জয় ভাৰতৰ

    আঞ্চলিক
    পেৰালিম্পিকত প্ৰথমটো স্বৰ্ণ পদক জয় ভাৰতৰ

    নতুন দিল্লীঃ ট’কিঅ’ৰ মঞ্চত অবনী লেখাৰাই গঢ়িলে ইতিহাস। ট’কিঅ’ পেৰালিম্পিকত প্ৰথমটো স্বৰ্ণ পদক অৰ্জন ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিং এছএইচ-১ত স্বৰ্ণ জয় অবনীৰ। মহিলাৰ এয়াৰ ৰাইফল শ্বুটিং ৰেংক-২ত কৃতিত্ব অৰ্জনেৰে বিশ্ব অভিলেখ গঢ়িলে ভাৰতীয় শ্বুটাৰগৰাকীয়ে। অবনী লেখাৰৰ সফলতাক লৈ উৎসাহিত সমগ্ৰ দেশ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে এথলীট গৰাকীক।





    তেওঁ লিখিছে, ‘উৎকৃষ্ট প্ৰদৰ্শন। আমাৰ সকলোৰে হৃদয় জয় কৰাৰ বাবে আন্তৰিক অভিনন্দন। অবনীয়ে এজন যোগ্য প্ৰতিযোগী হিচাপে স্বৰ্ণ জয় কৰিছে। আপুনি আপোনাৰ প্ৰতিভা আৰু আবেগেৰে স্বৰ্ণজয় কৰিছে। এয়া দেশবাসীৰ লগতে ভাৰতীয় ক্ৰীড়াবিদ সকলৰ বাবে গৌৰৱৰ মুহূৰ্ত।’






    উল্লেখ্য যে, দেওবাৰে ভাবিনাবেন পাটেলৰ সফলতাৰ পাছত সোমবাৰে পেৰালিম্পিকত ভাৰতে জয়ৰধাৰা অব্যাহত ৰাখিছে। সোমবাৰে পুৱাই ৪টাকৈ পদক অৰ্জন ভাৰতৰ। অবনী লেখাৰৰ পাছত যোগেশ কাথুনিয়াই পেৰালিম্পিকত ডিছকাছ থ্ৰ’ত লাভ কৰিছে ৰূপৰ পদক ।