• পেৰিছৰ হোটেলত মেছীৰ নামত দৈনিক খৰচ ১৫লাখ টকা!

    আঞ্চলিক
    পেৰিছৰ হোটেলত মেছীৰ নামত দৈনিক খৰচ ১৫লাখ টকা!

    পেৰিছঃ অলপতে ফুটবল তাৰকা লিঅ’নেল মেছীয়ে পিএছজিত যোগদান কৰিছে। মেছীয়ে বাৰ্চিলোনাত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু বিত্তীয় সমস্যাৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল। ইফালে, তাৰকা ফুটবলাৰজনে বৰ্তমান পেৰিছৰ এখন ৰাজকীয় হোটেলত আছে। পেৰিছত নিগাজীকৈ বাসগৃহ নোপোৱালৈকে লে ৰয়েল মন’চিয়াও হোটেলতে থাকিব মেছীয়ে। মেছীয়ে থকা হোটেলখনৰ ভাৰাই সম্প্ৰতি সকলোকে আচৰিত কৰি তুলিছে।






    আন্তৰ্জাতিক সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, হোটেলখনৰ প্ৰতি নিশাৰ বাবে ১৭,০০০ ইউৰো ব্যয় হয়, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ১৫লাখ টকা। তাৰকা ফুটবলাৰসকলে পূৰ্বে বিভিন্ন সময়ত এই হোটেলখনত আশ্ৰয় লৈছিল। উল্লেখ্য যে, নেইমাৰে ২০১৭ চনত পিএছজিত যোগদান কৰাৰ সময়ত একেখন হোটেলখনত আছিল। হোটেলখনত ছুইমিং পুলৰ পৰা আদি কৰি বিলাসী ৰেষ্টুৰেণ্টলৈকে পৰ্যাপ্ত সকলোধৰণৰ সা-সুবিধা আছে। মেছীয়ে পিএছজিত স্বাক্ষৰ কৰাৰ বিনিময়ত ২১ মিলিয়ন পাউণ্ড লাভ কৰিছে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ২১৬ কোটি টকাতকৈ অলপ বেছি।





    পিএছজিয়ে মেছীৰ বিজ্ঞাপনৰ নিবিদাৰ পৰা সম্পূৰ্ণ ধন আহৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে।
    পিএছজিত স্বাক্ষৰ কৰাৰ পাছত দলটোৱে পূৰ্বৰ ১০জন খেলুৱৈক নিলামৰ সিদ্ধান্ত লয়। অৱশ্যে, দলটোৰ ভাৰসাম্য বজাই ৰাখি এই সিদ্ধান্তত উপনীত হৈছে ক্লাবটোৱে। জানিব পৰা মতে, মেছীৰ বুজন পৰিমাণৰ দৰমহা পৰিশোধ কৰিবলৈ খেলুৱৈ নিলামৰ বাহিৰে পিএছজিৰ কোনো উপায় নাছিল। অৱশ্যে, এসময়ত এটা গুজৱ সৃষ্টি হৈছিল যে, ক্লাবটোৱে কিলিয়ান এমবাপেক নিলামত দিব পাৰে। কিন্তু পৰৱৰ্তী সময়ত ক্লাবৰ দ্বাৰা এই সিদ্ধান্ত বৰ্জন কৰা হৈছিল।