• পৌৰ নিগমৰ ৪০ কৰ্মচাৰীক তাৎক্ষণিক বৰ্খাস্ত!

    আঞ্চলিক
    পৌৰ নিগমৰ ৪০ কৰ্মচাৰীক তাৎক্ষণিক বৰ্খাস্ত!

    গুৱাহাটী : অৱশেষত সত্য প্ৰমাণিত হ’ল সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি৷ ধনৰ বিনিময়ত নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল পৌৰ নিগমৰ ৪০জন কৰ্মচাৰীক৷ অবৈধভাৱে নিযুক্তি দিয়াৰ প্ৰকাশ হোৱাৰ বাতৰি সঁচা বুলি প্ৰমাণিত হোৱাৰ পাছতে চাকৰিৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা হ’ল কৰ্মচাৰীকেইজনক৷





    এই কেলেংকাৰী সংঘটিত হৈছিল পূৰ্বৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাৰ নেতৃত্বত৷ একাংশ ঘনিষ্ট লোকক চাকৰি দিছিল একাংশ পৌৰ বিষয়াই৷ সংবাদ মাধ্যমেযোগে এই তথ্য ফাদিল হোৱাৰ পাছত গঠন হৈছিল ফেক্ট ফাইণ্ডিং কমিটী৷ কমিটীয়ে দিয়া ৰিপ’ৰ্টৰ ভিত্তিত চৰকাৰে বৰ্খাস্তৰ নিৰ্দেশ দিয়ে৷





    ২৭ আগষ্টত পৌৰ আয়ুক্তই এক নিৰ্দেশযুগে বৰ্খাস্ত কৰে ৪০জন কৰ্মচাৰীক। ৰহস্যজনকভাৱে দুৰ্নীতিত জড়িত বিষয়াসকলৰ বিৰুদ্ধে এতিয়ালৈকে একো ব্যৱস্থা চৰকাৰ বা নিগমে হাতত লোৱা নাই বুলি জানিব পৰা গৈছে।