Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
অষ্ট্ৰেলিয়াঃ টি-২০ ইতিহাসত বিস্ফোৰক বেটছমেন ক্ৰিছ গেইলৰে সংযোজন সাফল্যৰ নতুন অধ্যায়। টি-২০ ক্ৰিকেটত ১৪ হাজাৰ ৰান স্পৰ্শ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰৰ যোগ্যতা অৰ্জন ক্ৰিছ গেইলৰ। অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিছৰ মাজত সদ্যসমাপ্ত তৃতীয় টি-২০ খেলত এই ৰেকৰ্ড গঢ়িছে ‘ইউনিভাৰ্ছ বছ’ খ্যাত ক্ৰিকেট তাৰকাগৰাকীয়ে।
উল্লেখ্য যে, সদ্যসমাপ্ত তৃতীয় টি-২০ খেলখনত অষ্ট্ৰেলিয়াই ১৪২ৰানৰ লক্ষ্য বান্ধি দিছিল। ৪১ বৰ্ষীয় ক্ৰিছ গেইলৰ ৩৮টা বলত ৬৭ ৰানৰ অৰিহনাই ৱেষ্ট ইণ্ডিছৰ জয়ৰ পথ প্ৰসস্ত কৰে।
২০১৬ চনৰ পাছত টি-২০ ক্ৰিকেটত ক্ৰিছ গেইলৰ এয়া প্ৰথমটো অৰ্ধশতক। এই ৰেকৰ্ডৰ পাছত ক্ৰিছ গেইলৰ মন্তব্য, ‘এয়া এক অসাধাৰণ যাত্ৰা। মই সুখী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলাত বিজয়ী হ’বলৈ পাই বৰ ভাল লাগিছে। মই দলৰ অধিনায়ক নিক’লাছ পুৰণক এই শৃংখলা জয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’
ইফালে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ বেটিং অৰ্ডাৰ নিয়ন্ত্ৰণত থাকিলেও ১৪ অ’ভাৰত ৮০ ৰানৰ বিনিময়ত ৪ উইকেট হেৰুৱাই ক্ৰমাত বিপৰ্যয়ৰ সন্মুখীন হয় অষ্ট্ৰেলিয়ান ব্ৰিগেড। গেইলৰ বিধ্বংসী বেটিঙৰ ফলশ্ৰুতিত ৱেষ্ট ইণ্ডিছে ৫খন খেলত ৩-০ৰ ব্যৱধানত শৃংখলা দখলৰ পথ সুগম হৈ পৰে। সন্মানৰক্ষাৰ স্বাৰ্থত কেঙ্গাৰু বাহিনীয়ে পৰৱৰ্তী দুখন খেলত অৱতীৰ্ণ হ’ব।
Leave A Comment