Sports
Digital Desk : India's young chess player D. Gukesh won an impressive amount of Rs. 11.45 crore as prize money from the FIDE World Champonship. Now, in a surprising development the ministry of Finance has
ডিজিটেল ডেস্কঃ ‘ঘৰৰ বাহিৰলৈ নাযাবা তোমাৰ বাবে সুৰক্ষীত নহয়৷ চুটি কাপোৰ নিপিন্ধিবা তোমাৰ বাবে বেয়া হ’ব৷’- এতিয়া এই ভয়-শংকাৰে কটাবলগীয়া হৈছে নাৰী সমাজ৷ কেতিয়া ক’ত কেনেকৈ বিপদৰ সন্মুখীন হ’ব মহিলা, যুৱতী তথা কিশোৰী তাৰ কোনো ঠিকনা নাই৷ আনকি সুৰক্ষিত বুলি ভবা নিজৰ আপোন ঘৰখনো যেন এতিয়া হৈ পৰিছে বিপদসংকুল৷ দেশত প্ৰতিদিনে সংঘটিত হ'বলৈ ধৰিছে নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা৷ এই বাতৰিটো পঢ়াৰ পাছত আপোনাৰো হয়তো ঘৰত অকলে থাকিবলৈ ভয় লাগিব! এইবাৰ এগৰাকী ৩০ বছৰীয়া যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী বিবাহিতা মহিলা৷ ছত্তীশগড়ৰ মহাচামুণ্ড জিলাত সংঘটিত হৈছ এই জঘন্য ঘটনা৷
সোমবাৰে আৰক্ষীয়ে সদৰী কৰা তথ্যত এই কথা পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, এজন ৩০ বছৰীয়া ব্যক্তিয়ে এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁৰ গুপ্তাংগত কাঠৰ লাঠি সুমুৱাই দিছিল। ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ভুক্তভোগী মহিলাগৰাকী আৰু লম্পট ব্যক্তিগৰাকী একেখন গাঁৱৰে বাসিন্দা বুলি মহাসমুণ্ডৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) মেঘা তেমভুৰকাৰ চাহুৱে উল্লেখ কৰে।
'১৭ ছেপ্টেম্বৰত নিশা মহিলাগৰাকী অকলে ঘৰত থকাৰ সুবিধা বুজি অভিযুক্তজনে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু মহিলাগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ চেষ্টাত বিফল হোৱাৰ পাছত, অভিযুক্তজনে পলাই যোৱাৰ আগতে মহিলাগৰাকীৰ গুপ্তাংগত কাঠৰ লাঠি সুমুৱাই দিছিল, যাৰ ফলত ভুক্তভোগীগৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল,' বুলি চাহুৱে উল্লেখ কৰে।
ভুক্তভোগীগৰাকীক ততাতৈয়াকৈ ৰায়পুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁৰ অৱস্থা বিপদমুক্ত বুলি কোৱা হৈছে বুলি আৰক্ষী অধীক্ষগৰাকীয়ে কয়। এই সন্দৰ্ভত এটা গোচৰ ৰায়পুৰৰ তেলিবন্ধা আৰক্ষী থানাত ৰুজু কৰা হৈছিল আৰু পাছত কেছ ডায়েৰীখন বাসনা আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছিল যাৰ ফলত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তজনক আইপিচি ধাৰা ৩৭৬ আৰু ৪৫০ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি চাহুৱে জানিবলৈ দিয়ে।
Leave A Comment