• প্ৰথম টি-২০ত ভাৰতৰ জয়

    আঞ্চলিক
    প্ৰথম টি-২০ত ভাৰতৰ জয়

    কলম্বোঃ এদিনীয়া শৃংখলা দখলৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে জয়েৰে টি-২০ৰ অভিযান আৰম্ভ ভাৰতৰ। ৩৮ৰানৰ ব্যৱধানত জয়লাভ কৰে ভাৰতে। টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় শ্ৰীলংকাই। ভাৰতৰ হৈ ইনিংছ মুকলি কৰে পৃথ্বী শ্ব’ আৰু শিখৰ ধৱনে। চামিৰাৰ প্ৰথমটো বলতে পেভলীয়নমুখী হয় পৃথ্বী শ্ব’। পৰৱৰ্তী সময়ত মিডিল অৰ্ডাৰ বেটছমেনে ভাৰতীয় দলক অগ্ৰগতি দিয়ে। নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৫টা উইকেট হেৰুৱাই ১৬৪ৰান কৰিবলৈ সক্ষম হয়। শ্ৰীলংকাৰ হৈ চামিৰা আৰু হাছাৰঙ্গাই ২টা আৰু কৰুণাৰত্নে ১টা উইকেট লাভ কৰে।





    ১৬৫ৰানৰ লক্ষ্যত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে শ্ৰীলংকাই আশাপ্ৰদ ইনিংছৰ আৰম্ভণি কৰে। খেলৰ মধ্যান্তৰলৈ শ্ৰীলংকাই খেলখনত প্ৰভূত্ব বৰ্তাই ৰাখিছিল। কিন্তু হাৰ্দিক পাণ্ডিয়াই আশ্বেন বাণ্ডেৰাৰ উইকেট লাভ কৰাৰ পাছত ভাৰতে ছন্দ উভতাই পায়। দীপক চাহাৰে আছালঙ্কা আৰু হাছাৰঙ্গাৰ মূল্যৱান ২টা উইকেট দখলৰ পাছত ভাৰতৰ জয়ৰ পথ প্ৰশস্ত হৈ পৰে। খেলৰ ৯টা বল বাকী থাকোতেই আটাইকেইটা উইকেট হেৰুৱায় শ্ৰীলংকাই মাত্ৰ ১২৬ ৰানহে কৰিবলৈ সক্ষম হয়। ৩খন টি-২০ শৃংখলাত ভাৰতে ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আগন্তুক ২৭ জুলাইত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় টি-২০।