• প্ৰমোদ বড়োৱে মৎস ব্যৱসায়ীক দিলে বৰফৰ বাকচ আৰু মটৰ চাইকেল

    আঞ্চলিক
    প্ৰমোদ বড়োৱে মৎস ব্যৱসায়ীক দিলে বৰফৰ বাকচ আৰু মটৰ চাইকেল

    ডিজিটেল ডেস্কঃ বজাৰত মাছ বিক্ৰী কৰি পৰিয়াল পোহ-পাল দিয়া লোকৰ সুবিধাৰ্থে আজি বৰফৰ বাকচসহ মটৰ চাইকেল বিতৰণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। কোকৰাঝাৰৰ হাব্ৰবাৰীস্থিত বিটিচিৰ মীন বিভাগৰ মুৰব্বী বিষয়াৰ কাৰ্যালয়ৰ চৌহদত বি টি আৰৰ সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য ৰাখেশ ব্ৰহ্মৰ উপস্থিতিত চিৰাঙৰ ২০ জন আৰু কোকৰাঝাৰ জিলাৰ ৮০জন হিতাধীকাৰীলৈ ‘Hero FC’ মটৰ চাইকেলৰ লগতে মাছ ৰখা বৰফৰ বাকচ বিতৰণ কৰে।





    মীন বিভাগৰ এই পদক্ষেপৰ দ্বাৰা মৎস ব্যৱসায়ীসকল যথেষ্ঠ উপকৃত হ’ব। বি টি আৰত মীন উৎপাদন বৃদ্ধি কৰা বি টি আৰ চৰকাৰে সংকল্প লৈছে। অনাগত দিনত মীন পালকসকলক কম মূল্যত পোনা মাছ দিয়া হ’ব বুলিও মন্তব্য কৰে বি টি আৰ প্ৰধানগৰাকীয়ে। আনহাতে, সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য ৰাখেশ ব্ৰহ্মই বডোলেণ্ডৰ আত্মসহায় গোটসকলক গাহৰি পোৱালি আৰু জাৰ্ছী গৰু বিতৰণ কৰা হ’ব বুলিও মন্তব্য আগবঢ়ায়। যি পদক্ষেপৰ জৰিয়তে বড়োলেণ্ডত গাহৰি মাংস আৰু গাখীৰ উৎপাদন যথেষ্ট বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰে। আজি কোকৰাঝাৰ আৰু চিৰাং দুয়োখন জিলাৰ মুঠ ১০০ গৰাকী মৎস ব্যৱসায়ীক বৰফৰ বাকচসহ মটৰ চাইকেল আৰু মাছৰ খাদ্য বিতৰণ কৰা অনুষ্ঠানত সহযোগ কৰে মীন বিভাগৰ মুৰব্বী বিষয়া উদয় কুমাৰ বসুমতাৰী আৰু বিষয়া চামুয়েল বড়োৱে।