• প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত

    আঞ্চলিক
    প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত

    ওদালগুৰি : ওদালগুৰি জিলাৰ গাৰোগাঁৱত প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে৷ জানিব পৰা মতে, ওদালগুৰি জিলাৰ অন্তৰ্গত গাৰোগাঁৱৰ মামণি মাৰাক নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ চাওতাল গাঁৱৰ ছলমন চাংমা নামৰ যুৱক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল৷





    আৰু পঢ়িব পাৰিব : ভাৰত-বাংলাদেশ সীমান্তত গোপন সুৰংগ পথ!





    যোৱা ২৬ ডিচেম্বৰত ঘৰৰ পৰা নিৰুদ্দেশ হয় মামণি৷ ইয়াৰ পিছৰেপৰা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে প্ৰেমিক ছলমনৰ ঘৰলৈ গৈ যুৱতীগৰাকীৰ সন্ধান আৰম্ভ কৰে৷ প্ৰথম অৱস্থাত যুৱকৰ ঘৰৰ পৰিয়ালে যুৱতীগৰাকীৰ কথা অস্বীকাৰ কৰিলেও পিছত যুৱতীগৰাকী নিশা তেওঁলোকৰ ঘৰত থকা বুলি স্বীকাৰ কৰে৷





    উল্লেখ্য যে, এই ঘটনাৰ দুদিন পাছত ওচৰৰ নৈ এখনৰ পাৰত ক্ষত বিক্ষত অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে৷ প্ৰথমে এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছিল যদিও যুৱতী গৰাকীৰ মুখ, চকু, ওঁঠ আদিত আঘাতৰ চিন দেখা পাই পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰে পৰিয়ালে৷ ইয়াৰ পাছতে যুৱতীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰা বুলি ছলমন চাংমাৰ বিৰুদ্ধে ৰৌতা থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে৷





    আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ





    ইপিনে এজাহাৰ দিয়াৰ পাছত অপৰাধীক থানালৈ মাতি নিয়ে যদিও আৰক্ষীয়ে আজিলৈ গ্ৰেপ্তাৰ কৰা নাই ছলমনক৷ ওদালগুৰিৰ পূব প্ৰান্তৰ অতি ভিতৰুৱা গাঁওখনত সংঘটিত এনে ঘটনাই গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে হত্যাকাণ্ডৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনায়৷