• প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এচিড আক্ৰমণ যুৱতীক...

    আঞ্চলিক
    প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এচিড আক্ৰমণ যুৱতীক...

    ডিব্ৰুগড় : ভেলেণ্টাইন ডে’ৰ দিনাই ডিব্ৰুগড়ত অঘটন সংঘটিত হৈছে। এচিড আক্ৰমণৰ বলি এগৰাকী যুৱতী। ডিব্ৰুগড়ৰ আমোলাপট্টীৰ মিৰ্জাবাগত এচিড আক্ৰমণৰ বলি হ'ল এগৰাকী যুৱতী। সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।





    আৰু পঢ়িব পাৰিব : ‘টুলকিট’ গোচৰত বেংগালুৰুৰ ২১ বছৰীয়া জলবায়ু কৰ্মীক গ্ৰেপ্তাৰ





    ডিব্ৰুগড় জয়পুৰ কছাৰী গাঁৱৰ নিবাসী বিউটী হাজৰিকা নামৰ ৩২বছৰীয়া যুৱতীগৰাকী ডিব্ৰুগড় আমোলাপট্টী নিজৰা পথত বায়েকৰ ঘৰত থাকি 'শোহম ছপিং' মলত কাম কৰি আছিল। কামৰ পৰা উভতি যোৱা পথত আমোলাপট্টীৰ নাট্য মন্দিৰ ওচৰতে আক্ৰমণ বলি হয় যুৱতীগৰাকী।





    আৰু পঢ়িব পাৰিব : অন্ধ্ৰপ্ৰদেশত তীৰ্থভ্ৰমণকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত: শিশুসহ ১৪ জনৰ মৃত্য়ু





    উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত আমোলাপট্টী আৰক্ষীয়ে আটক কৰিছে এজনক। অভিযুক্ত বুদ্ধদেৱ দাস (৫০) ওৰফে এপেল দাসক নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষীয়ে। অভিযুক্ত বুদ্ধদেৱৰ ঘৰ ডিব্ৰুগড়ৰ শান্তিপাৰাত।