• প্ৰেৰণাৰ অমল উৎস পি ভি সিন্ধু

    আঞ্চলিক
    প্ৰেৰণাৰ অমল উৎস পি ভি সিন্ধু

    ট’কিঅ’: শনিবাৰে টাই-জুৱে ৰিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী বিশ্ব চেম্পিয়ন সিন্ধুক ছেমিফাইনেলত ২১-১৮;২১-১২ৰ ব্যৱধানত পৰাস্ত কৰিছিল। টাই-জুৰ উন্নত প্ৰদৰ্শনত দেশৰ প্ৰথমটো স্বৰ্ণপদক অৰ্জনৰ বাট ৰুদ্ধ হৈছিল। সিন্ধুৱে পাছত বিশ্বৰ ৯নম্বৰ শ্বাটলাৰগৰাকীৰ বিৰুদ্ধে দুয়োটা ছেটতে জয়লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। চীনৰ হি-বিং-জিয়াওক পৰাভূত কৰি অলিম্পিকত ২টা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবচিত হয় সিন্ধু।






    ২৭বছৰীয়া টাই-জুৱে সমৰ্থন লাভ কৰা সকলো ক্ৰীড়ানুৰাগীকে ধন্যবাদ জ্ঞাপন কৰিছিল। তেওঁ কৈছিল যে, ‘তৃতীয়বাৰৰ বাবে মই এই সপোনৰ মঞ্চত ভৰি দিছিলোঁ। আশানুসৰি, অৱশেষত মই ফাইনেলতো প্ৰৱেশ কৰিছিলোঁ। কিন্তু মই স্বৰ্ণজয় কৰিব নোৱাৰিলোঁ। মই হয়তো অলিম্পিকত অংশগ্ৰহণ কৰাৰ আৰু সুযোগ নাপাম, কিন্তু মই যি লক্ষ্যত উপনীত হ’লোঁ সেয়া সৰ্বোচ্চ নহয়, এই অনুশোচনা ৰৈ যাব সদায়।’






    পদক সমাৰোহৰ পাছত ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৰ উৎসাহৰ কথাবোৰে আৱেগিক কৰি তুলিছিল টাই-জুক। কেৰিয়াৰৰ তৃতীয় অলিম্পিকত অংশগ্ৰহণ কৰি টাই-জুৱে অৱশেষত মঞ্চৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হ’ব নোৱাৰিলে। দেওবাৰে অনুষ্ঠিত ফাইনেলত ১৮-২১, ২১-১৯, ১৮-২১ ব্যৱধানত চীনৰ চেন-য়ু-ফেইলৰ হাতত পৰাস্ত হয় টাই-জু। ৫বছৰ পূৰ্বে ৰিঅ’ অলিম্পিকত সিন্ধুৱে দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰিছিল। তেতিয়াও প্ৰতিপক্ষৰ খেলুৱৈৰ পৰাজয়ে আমনি কৰিছিল সিন্ধুক। স্পেইনৰ কেৰোলিনা মাৰিনৰ কাষত সাহস হৈ থিয় দিছিল তেওঁ।





    কাৰণ, বিশ্বৰ শীৰ্ষ শ্বাটলাৰৰ পৰাজয়ৰ গ্লানি হৃদয়ংগম কৰিছিল পি ভি সিন্ধুৱে। এইবাৰ সেই অনুৰূপ ঘটনা সংঘটিত হৈছে। হতাশগ্ৰস্থ টাই-জুৰ কাষত সিন্ধু। এটা ইনষ্টাগ্ৰাম প’ষ্টত টাই-জুৱে সদৰী কৰে যে, ‘খেলখনৰ পাছত মই মোৰ প্ৰদৰ্শনত সন্তুষ্ট হৈছিলোঁ। পাছত সিন্ধুৱে দৌৰি গৈ মোক সাৱটি ধৰিছিল।’ স্বৰ্ণপ্ৰাপ্তিৰ বিফলতাত নিৰাশ টাই-জুক উদ্দেশ্যে সিন্ধুৱে কৈছিল, ‘মই জানো তুমি অস্বস্তিবোধ কৰিছা, কিন্তু আজি তোমাৰ দিন নাছিল। মই সকলো বুজো। টাই-জুৱে পি ভি সিন্ধুৰ অনুপ্ৰৰণাৰ শ’লাগ লৈ ইনষ্টাগ্ৰামত প’ষ্টত লিখিছিল যে, ‘তেওঁৰ আন্তৰিক উৎসাহে মোক সাহস দিছিল। স্বৰ্ণজয়ৰ আপ্ৰাণ চেষ্টাৰ পাছতো এই বিফলতাত মই বৰ নিৰাশ হৈছিলোঁ। কিন্তু, আপোনাৰ সমৰ্থন আৰু উৎসাহৰ বাবে আপোনাক ধন্যবাদ। এতিয়ালৈকে মোৰ সৈতে একেলগে থকা বাবে আপোনালোক সকলোকে ধন্যবাদ।