• পৰ্যটকৰ বাবে সুখবৰ : ৰাজ্যত ভিষ্টাডম ৰে’লসেৱা

    আঞ্চলিক
    পৰ্যটকৰ বাবে সুখবৰ : ৰাজ্যত ভিষ্টাডম ৰে’লসেৱা

    গুৱাহাটী : উত্তৰ-পূবত ভিষ্টাডম ৰে'লসেৱা। অহা শনিবাৰে গুৱাহাটী ষ্টেশ্যনৰ পৰা আৰম্ভ হ'ব ভিষ্টাডম ৰে'লসেৱা। পৰ্যটকক আকৰ্ষণ কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই এই বিশেষ ৰে'লসেৱাৰ আৰম্ভণি ঘটোৱা হৈছে। পৰ্যটকক অধিক স্বাচ্ছন্দ্য আৰু নান্দনিক সৌন্দৰ্যৰ অনুভৱ প্ৰদানৰ উদ্দেশ্যেৰেই উত্তৰ পূব সীমান্ত ৰে’লৱেত সংযোজন কৰা হৈছে এই সেৱাৰ। অত্যাধুনিক গ্লাছৰ খিৰিকী, গ্লাছৰ মুধছেৰে অতি আকৰ্ষিত কৰি তোলা হৈছে ভিষ্টাডমক ৰেলক।





    দৰ্শনীয় স্থান উপভোগৰ বাবে পৰ্যবেক্ষণ লাউঞ্জৰো ব্যৱস্থা কৰা হৈছে এই ৰে'লত, লগতে যাত্ৰীসকলক অতিৰিক্ত স্বাচ্ছন্দ্য প্ৰদানৰ উদ্দেশ্য ভিষ্টাডম ডবাত নিৰ্মাণ কৰা হৈছে ঘূৰ্ণীয়মান আসনৰো। যাত্ৰাৰ সময়ত মুকলি আকাশ,পাহাৰ,পৰ্বত,সেতু, সুৰংগ,সেউজ অৰণ্যৰ মাজেৰে যাত্ৰাপথৰ নান্দনিক দৃশ্য উপভোগ কৰিব পাৰিব যাত্ৰীসকলে। ৱাইফাই, চিচিটিভি, অত্যাধুনিক প্ৰস্ৰাৱগাৰ, ডিজিটেল ডিছপ্লেৰ জৰিয়তে যাত্ৰীসকলৰ বিনোদনৰো ব্যৱস্থা কৰা হৈছে ভিষ্টাডমত।





    জাতিংগা উপত্যকা, মাইবং, হাফলঙৰ বিভিন্ন পাহাৰৰ মাজেৰে যাত্ৰা কৰিব ভিষ্টাডমে। ৰে'লবিভাগে নিৰ্ধাৰণ কৰা ভিষ্টাডমৰ ভাড়া হৈছে ১১৩০ টকা৷ আৰু ৰে'ল ষ্টেচনৰ টিকেট কাউণ্টাৰত কৰিব পাৰিব টিকেটৰ অগ্ৰীম বুকিং। গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা শনিবাৰ আৰু বুধবাৰে পুৱা ৬.৩৫ বজাত হাফলঙলৈ যাত্ৰা আৰম্ভ কৰিব ভিষ্টাডমে আৰু ২৭০ কিলোমিটাৰ অতিক্ৰম কৰি ১২ বজাত নিউ হাফলঙত উপস্থিত হ’ব এই বিশেষ ৰে'লখন।