Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
দক্ষিণ কামৰূপ: বিগত দহদিনে এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকা খবৰে কামৰূপ জিলাৰ বকোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হাহাকাৰ সৃষ্টি হৈছে যুৱতীগৰাকীৰ পৰিয়ালত। তথ্য অনুসৰি বকো ৰাজহচক্ৰৰ অন্তৰ্গত বকো আৰক্ষী থানাৰ অধীনৰ কালিয়াবড়ি গাঁৱৰ বাসিন্দা মুহিন দাস আৰু জোনালী দাসৰ কন্যা মনিকা দাস(২১) ১২ জুলাই, সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে।
আজি এই সন্দৰ্ভত পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ সন্ধানৰ বাবে আৰক্ষী তথা সংবাদ মাধ্যমৰ সহায় বিচাৰে। পৰিয়ালৰ লোকে জনোৱা মতে বিগত ১২ জুলাইৰ পুৱা ১০ বজাত নিজ বাসগৃহৰ পৰা বকো বজাৰলৈ যায় আৰু তেতিয়াৰেপৰাই ছোৱালীজনীৰ মোবাইল বন্ধ হৈ পৰে।
অৱশ্যে নিৰুদ্দেশৰ পাছতে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ সন্ধান লাভ কৰিলে ৮১৩৩৯১৫৬৭১ আৰু ৮৮২২৮০৮৮৪৭ নম্বৰত জনাবলৈ অনুৰোধ জনাইছে৷
Leave A Comment