• বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি! কবৰ খান্দি উলিয়ালে মৃত নাৱালিকাক

    আঞ্চলিক
    বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি! কবৰ খান্দি উলিয়ালে মৃত নাৱালিকাক

    নগাঁওঃ ২০১৮ চনৰ ২৩ মাৰ্চত বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা। য’ত এগৰাকী নাৱালিকা ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি জ্বলাই দিছিল। সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ একেস্থানতে পোহৰলৈ আহিছে আন এক জঘন্য হত্যাকাণ্ডৰ। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত অৱৈধ সম্পৰ্ক নিজা ভিনিহিয়েক বাহাৰুল ইছলাম নামৰ এজন ব্যক্তিৰ। যাৰ পৰিণতিত অন্তঃসত্ত্বা হৈছিল নাৱালিকাগৰাকী।





    আৰু পঢ়িব পাৰিব : ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত মালাইকাৰ কেতিয়াও নেদেখা ৰূপৰ আঁৰত কোন?





    অন্তঃসত্ত্বা নাৱালিকাগৰাকীক গৰ্ভপাত কৰাবলৈ লৈ আনিছিল মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন ফাৰ্মাচীলৈ। ফাৰ্মাচীখনৰ মালিক তথা স্বয়ম্ভু চিকিৎসক দিলজাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে গৰ্ভপাত কৰাৰ নামত নাৱালিকাগৰাকীক হত্যা কৰে। মৃতদেহটো নাৱালিকাগৰাকীৰ পৰিয়ালে লোকলজ্জাৰ ভয়ত লালুং গাঁৱলৈ নানি জুৰীয়াৰ দ গাঁৱৰ কবৰস্থানত কবৰ দিয়ে ২৩ জানুৱাৰীত। কিন্তু কবৰস্থানত অচিনাক্ত লোকৰ কবৰ দেখি অঞ্চলটোৰ লোকৰ মাজত কৌতুহলৰ সৃষ্টি হয়।





    আৰু পঢ়িব পাৰিব : ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ…





    ঘটনাৰ ন্যায় বিচাৰি বটদ্ৰৱা সংখ্যালঘু গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেশ্যনে মৃত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ, ভিনিহিয়েক আৰু স্বয়ম্ভু চিকিৎসকৰ নামত হত্যাৰ অভিযোগ তুলি মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীকো লিখিত আৱেদন জনায়। ইয়াৰ পাছতেই বৃহস্পতিবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কবৰ খান্দি মৃতদেহ আকৌ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত।