• বনকৰ্মীৰ গাড়ী, হাতীক আক্ৰমণ আহত গঁড়ৰ

    আঞ্চলিক

    কাজিৰঙা: কাজিৰঙাৰ ৰাজপথত আহত এটা গঁড়ে সৃষ্টি কৰিছে আতংকৰ। গঁড়টোৱে আক্ৰমণ কৰিছে বন বিভাগৰ হাতী আৰু বিভাগীয় বাহনক। বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গঁড়ৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল কাজিৰঙাৰ হালধিবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।

    আঘাতপ্ৰাপ্ত গঁড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ আছিল। গঁড়টোক হাতীৰ সহায়ত উদ্যানলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতে সংঘটিত হয় এই ঘটনা। ইপিনে, গঁড়টোৱে ৰাজপথত অহা-যোৱা কৰাৰ ফলত দিনটোৰ বেছিভাগ সময় ৰাজপথত বাহনৰ চলাচল বন্ধ কৰি দিয়া হয়৷

    উল্লেখ্য যে কাজিৰঙাৰ হালধিবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰাৰ সময়ত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা গঁড়জনী কিছু সময় ৰাজপথতে অৱশ হৈ পৰি থাকি পৰৱৰ্তী সময়ত পথৰ দাঁতিৰ হাবিত আশ্ৰয় লয়৷

    Weather Forecast

    ASSAM WEATHER