• বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী...

    আঞ্চলিক
    বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী...

    শোণিতপুৰ : নামেৰি ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত মুখামুখী সংঘৰ্ষত নিহত হয় এটা চোৰাং চিকাৰী৷ নিহত চোৰাং চিকাৰীটোৰ নাম দেৱে পগাগ বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা, আটক ১





    নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ্য প্ৰকল্পৰ ভিতৰত অবৈধভাৱে জন্তু চিকাৰৰ উদ্দেশ্যে বাহৰ পাতি আছিল এটা চোৰাং চিকাৰীৰ দলে৷ নামেৰীৰ বনকৰ্মীৰ এটা দলে এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাইছিল।





    আৰু পঢ়িব পাৰিব : পথাৰৰ মাজত জুৱাৰ ঘাটি : আটক ৪টা জুৱাৰী…





    বনকৰ্মী দলটোৰ গুলীত নিহত দেৱে পগাগ নামৰ চিকাৰীটো৷ চিকাৰীটোৰ লগত এটা হস্তনিৰ্মিত বন্দুক, পহু মাংসসহ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰে৷