• বনভোজ খাবলৈ গৈ ধনশিৰিৰ বুকুত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা

    আঞ্চলিক
    বনভোজ খাবলৈ গৈ ধনশিৰিৰ বুকুত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা

    ডিজিটেল ডেস্কঃ বনভোজ খাবলৈ গৈ ধনশিৰিৰ বুকুত নিখোজ হ'ল এগৰাকী জ্যেষ্ঠ অভিযন্তা। সন্ধানহীন জ্যেষ্ঠ অভিযন্তাগৰাকী নুমলীগড় শোধনাগাৰৰ ৰক্তিম বৰুৱা বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈছিল ৰক্তিম বৰুৱা। দেওবাৰে বনভোজলৈ ৰক্তিম বৰুৱাৰ লগতে আন কেইবাটাও চিনাকি পৰিয়াল একেলগে গৈছিল।





    বনভোজথলীত ৰক্তিম বৰুৱাই তেওঁৰ দুই পুত্ৰ কন্যাৰ সৈতে বল খেলি থকাৰ মাজতে হঠাৎ বলটো নৈত পৰি যায়। বৰুৱাৰ কনমানি পুত্ৰ আৰু কন্যাই বলটো আনিবলৈ নদীৰ পিনে আগবাঢ়ি যোৱা দেখি বৰুৱাই নিজে দৌৰি গৈ পানীত নামি বলটো আনিবলৈ চেষ্টা কৰে। ইয়াৰ পাছতে নদীৰ বুকুত তেওঁ সন্ধানহীন হৈ পৰে।





    এই আকস্মিক ঘটনাত পৰিয়ালকেইটাৰ মাজত হুৱা-দুৱা লাগে। ঘটনাটোৰ খবৰ পোৱাৰ পাছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে নদীৰ বুকুত অভিযন্তাগৰাকীৰ সন্ধান চলায় যদিও তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল। অভিযান চলাই থকাৰ সময়ত সন্ধিয়া নামি অহাত অভিযান আধাতে সামৰিবলগীয়া হয়। সোমবাৰে অভিযানকাৰী দলটো পুনৰ অভিযন্তাগৰাকীৰ সন্ধানত নামি পৰিছে।





    আৰু পঢ়কঃ ৰাজিন্দৰ সিং ৰাহেলুঃ পংগু শৰীৰক জয় কৰি দুবাহুৰে পৃথিৱী জিনা মানুহজন