• বন্ধুৰ দম্পতীয়ে হত্যা কৰি ওলমাই থলে মৃতদেহ : আত্মসমৰ্পণ হত্যাকাৰীৰ

    আঞ্চলিক
    বন্ধুৰ দম্পতীয়ে হত্যা কৰি ওলমাই থলে মৃতদেহ : আত্মসমৰ্পণ হত্যাকাৰীৰ

    ছিলাপথাৰ : বন্ধু দম্পতীৰ হাতত ধেমাজিৰ ছিলাপথাৰত প্ৰাণ গ'ল এজন লোকৰ৷ এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে হত্যাকাৰীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ জানিব পৰা মতে ভাওনা চোৱাৰ চলেৰে বন্ধুক ঘৰ লৈ নিমন্ত্ৰণ দি পৰিকল্পিতভাৱে হত্যা কৰিছিল তেওঁৰে বন্ধু তথা তেওঁৰ পত্নীয়ে।





    আৰু পঢ়িব পাৰিব : বিশিষ্ট সংগীতজ্ঞ বাপ্পী লহিৰিৰ দেহত ধৰা পৰিছে ক’ভিড-১৯…





    যোৱা ৩০মাৰ্চৰ নিশা ছিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কানিবিলৰ ১৭নম্বৰ ৰে'ল দলঙৰ তলত মইনা গগৈ (২৪) নামৰ যুৱকজনক হত্যা কৰি মৃতদেহ ওলমাই ৰাখিছিল দম্পতীহালে৷ ইয়াৰ পাছতে ছিলাপথাৰ আৰক্ষীৰ ওচৰত দম্পতীহালে এই ঘটনাৰ আত্মসমৰ্পণ কৰিছে।





    শ্ৰীপাণি নপামৰ নিবাসী মইনা গগৈ নামৰ পেছাত এগৰাকী জেচিবি চালক যুৱক জনক একেখন গাঁৱৰ হেমচন্দ্ৰ ফুকন (২৮) নামৰ যুৱক জনে দ কামচি গাঁৱত ভাওনা চোৱাৰ চলেৰে ঘৰ লৈ মাতি নিয়ে। সম্পৰ্কত বন্ধুত্ব আৰু বন্ধুৰ নিমন্ত্ৰণ ৰক্ষা কৰি হেমচন্দ্ৰ ফুকনৰ ঘৰলৈ ভাওনা চাবলৈ বুলি ওলায় যায়। প্ৰায় ২ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পাছত কেইজনমান যুৱকৰ সৈতে মিলি মইনা গগৈক হত্যা কৰি ৰে'ল দলঙৰ ওপৰত মৃতদেহ ওলমাই থয়।





    আৰু পঢ়িব পাৰিব : ভোটাৰক আকৃষ্ট কৰিবলৈ আকৰ্ষণীয় ৰূপত সজোৱা হৈছে এটি ভোটকেন্দ্ৰ





    ইপিনে মইনা গগৈয়ে ঘৰৰ পৰা লৈ যোৱা AS 22E 3111 নম্বৰ যুক্ত ৰঙা ৰঙৰ গ্লেমাৰ মটৰ চাইকেলখন হেমচন্দ্ৰ ফুকনৰ ঘৰৰ পৰা বুধবাৰে উদ্ধাৰ হোৱাৰ পাছত আজি হেমচন্দ্ৰৰ লগতে তেওঁৰ পত্নীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।