• বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভণি : পুনৰ মুকলি চিৰিয়াখানা...

    আঞ্চলিক

    গুৱাহাটী: আজিৰেপৰা আৰম্ভ হৈছে ৬৭সংখ্যক বন্যপ্ৰাণী সপ্তাহ৷ ৰাজ্যত বন্যপ্ৰাণী সুৰক্ষা তথা হত্যা ৰোধৰ সজাগতাৰে পালন কৰা এই বন্যপ্ৰাণী সপ্তাহ ২অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ চলিব৷ বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই এই বন্যপ্ৰাণী সপ্তাহৰ শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে৷

    ইপিনে ক'ভিডসৃষ্ট পৰিবেশৰ বাবে বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আজিৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব বুলি বনমন্ত্ৰীয়ে ঘোষণা কৰে৷ বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি বন বিভাগে হস্তী দিৱসো পালন কৰে৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজিৰ পৰা পুনৰ মুকলি হোৱা ৰাজ্যিক চিৰিয়াখানাৰ টিকট অনলাইনত যোগে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে৷ assamstatezoo.in ৱেবচাইটত উপলব্ধ হ'ব টিকট৷ চিৰিয়াখানাৰ ভিতৰত এক সংগ্ৰাহালয়ও মুকলি কৰে বনমন্ত্ৰীয়ে৷

    বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ৰাজ্যিক চিৰিয়াখানাৰ পৰা জোনালীলৈ এক শোভাযাত্ৰা উলিয়ায়৷ ৰাজ্যিক চিৰিয়াখানাত বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই হাতীক কল কুঁহিয়াৰ, খুৱাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে৷

    Weather Forecast

    ASSAM WEATHER