• বলাৰক নিৰ্দয় প্ৰহাৰ কৰা সঞ্জুৰ দয়ালু হৃদয়, ফুটবলাৰক দিলে অমূল্য উপহাৰ

    আঞ্চলিক
    বলাৰক নিৰ্দয় প্ৰহাৰ কৰা সঞ্জুৰ দয়ালু হৃদয়, ফুটবলাৰক দিলে অমূল্য উপহাৰ

    নতুন দিল্লীঃ সঞ্জু ছেমছনৰ বদান্যতাই অনুৰাগীৰ মনত বহুৱাইছে গভীৰ সাঁচ। বিপদৰ সাৰথি হৈ থিয় দিছে সঞ্জু ছেমছনে। স্পেনিছ লীগৰ পঞ্চম বিভাগীয় দল ভিৰেগন ডেল কামিনোত এমাহৰ অনুশীলনৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে এগৰাকী ভাৰতীয় ফুটবলাৰে। কিন্তু স্পেইনলৈ উৰা মৰাতো আৰু সহজ কথা নহয়। স্বপ্নপূৰণৰ বাবে ভাৰতীয় লেফ্ট উইংগাৰজনে বিচাৰিছিল সহায়ৰ হাত। আৰ্থিক অনাটনে জুৰুলা কৰা লেফ্ট উংগাৰজনৰ সহায়ৰ বাবে আগবাঢি় আহিল কেৰালাৰ তাৰকা ক্ৰিকেটাৰ সঞ্জু ছেমছনে। ভাৰতীয় ফুটবলাৰজনক স্পেইনলৈ উৰা মাৰিবলৈ বিমান ভাড়াৰ ব্যৱস্থা কৰি দিলে ভাৰতীয় ক্ৰিকেটাৰ ছেমছনে।









    ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ছেমছনে তেওঁৰ পৃষ্ঠপোষকতাত ফুটবলাৰ আদৰ্শ পিআৰৰ বিমানৰ টিকটৰ বাবে প্ৰয়োজনীয় ধন পৰিশোধ কৰিছে। স্থানীয় বিধানসভাৰ সদস্য চাজি চেৰেনে এটা ফেচবুক পোষ্টত এই বিষয়ে দাঙি ধৰিছে বিস্তৃত বাখ্যা। স্থানীয় কাৰাকাড লিঅ ক্লাবেও ফুটবলাৰজনৰ বাবে ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰিছে। বাকী পুঁজিবোৰ চাজি চেৰেনে ব্যৱস্থা কৰিছে, আনহাতে ছেমছনে ফুটবলাৰগৰাকীৰ বিমানৰ টিকটৰ মূল্য বহন কৰিছে। এটা দীঘলীয়া ফেচবুক পোষ্টত চেৰেনে লিখিছিল, ‘আদৰ্শ নামৰ এজন যুৱকে এসপ্তাহ আগতে মোক লগ পাইছিল। তেওঁ থিৰুভাল্লা মাৰ্থামা মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে। তেওঁ এজন ভাল ফুটবল খেলুৱৈ। আদৰ্শই এটা ভাল সুযোগ পাইছে। কিন্তু বিত্তীয় সমস্যাৰ বাবে এই সুযোগ হেৰুৱাব লাগে বুলি ভয় কৰিছিল আদৰ্শই। তেওঁ স্পেইনৰ তৃতীয় বিভাগৰ দল ভিৰেগন ডেল কামিনোত এমাহৰ অনুশীলনৰ সুযোগ লাভ কৰিছে। এই সময়ছোৱাত আদৰ্শই কমেও ৫খন খেল খেলাৰ সুযোগ পাব। যদি ক্লাববোৰে তেওঁৰ প্ৰদৰ্শনত সন্তুষ্ট হয় তেতিয়া দীঘলীয়া চুক্তিও হৈ যাব পাৰে। আমাৰ স্থানীয় ফুটবল খেলুৱৈসকলৰ বাবে আদৰ্শ প্ৰেৰণাৰ স্ত্ৰোত।’










    চেৰেনে আৰু কয়, ‘আমাৰ প্ৰিয় তাৰকা সঞ্জু ছেমছনে আদৰ্শৰ বিমান টিকটৰ ব্যৱস্থা কৰি দিছে। যিয়েই যেনেদৰে পাৰে আদৰ্শক সহায় কৰিছে। কাৰাকাড লিঅ ক্লাবে তেওঁক ৫০,০০০ টকা প্ৰেৰণ কৰিছে। এদিন পিছতে, আদৰ্শ মাদ্ৰিদলৈ ৰাওনা হ'ব। ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৰ অনুৰাগী আদৰ্শৰই নতুন জীৱন এটা আৰম্ভ কৰিবলৈ গৈ আছে। এই সুযোগে আদৰ্শক নতুন পথৰ সন্ধান দিব বুলি মই আশাবাদী।’ উল্লেখ্য যে, ভাৰতৰ হৈ ১০ খন টি-২০ আৰু এখন এদিনীয়া খেলা ছেমছনৰ আন্তৰিক প্ৰচেষ্টাই অনুৰাগীসকলৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছে,প্ৰশংসাৰে উপচাই পেলাইছে ভাৰতীয় ক্ৰিকেটাৰজনক।