জীৱন শৈলী
গোৰেশ্বৰঃ গোৰেশ্বৰ আৰু শুৱাগপুৰত ‘অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ’ৰ তীব্ৰ প্ৰতিবাদ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী৷ পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে গোৰেশ্বৰ আৰু পূব ডেফেলী আঞ্চলিক সমিতিয়ে। চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সংগঠনটোৰ।
আৰু পঢ়িব পাৰিব : কমেডিয়ান মুনাৱৰ ফাৰুকীক অন্তৰৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সমান্তৰালভাৱে বাকসাৰ পূব ডেফেলী আঞ্চলিক সমিতিয়ে গোৰেশ্বৰৰ শুৱাগপুৰত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোৰেশ্বৰ-বগামাটি সংযোগী পথত।
আৰু পঢ়িব পাৰিব : আঞ্চলিক শক্তিৰ মহামিলন : ‘এজেপি-ৰাইজৰ দল’ৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন
‘অসম চৰকাৰ হায় হায়, বিজেপি গ' বেক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ ,AJYCP জিন্দাবাদ’ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে, উক্ত কাৰ্যসূচী ৰূপায়ণ পূব ডেফেলী আঞ্চলিক সমিতিৰ সম্পাদক গগন বেজবৰুৱাই কয়ঃ যদিহে চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে অনাগত দিনত সংগঠনটোৱে আন্দোলন তীব্ৰতৰ কৰিব বুলি সদৰী কৰাৰ লগতে বিজেপিৰ স্বৈৰাচাৰিতা শাসনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷
Leave A Comment