• বাৰ্চিলোনাৰে বিচ্ছিন্ন লিঅ’নেল মেছি!

    আঞ্চলিক
    বাৰ্চিলোনাৰে বিচ্ছিন্ন লিঅ’নেল মেছি!

    বাৰ্চিলোনাঃ বিশ্বৰ অন্যতম তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে বাৰ্চিলোনা ক্লাব এৰাতো ক্ৰমাত ঘণীভূত হৈ পৰিছে। বাৰ্চিলোনা এৰাৰ পথ প্ৰায় প্ৰশস্ত লিঅ’নেল মেছিৰ! স্পেনিছ ফুটবল ক্লাব বাৰ্চিলোনাই পূৰ্বৰ সময়সীমা অনুসৰি লিঅ’নেল মেছিৰ সৈতে চুক্তি-পত্ৰত স্বাক্ষৰ কৰাত ব্যৰ্থ হয়। গতিকে, পূৰ্বৰ চুক্তি-পত্ৰ অনুসৰি এতিয়া মেছিয়ে যিকোনো ক্লাবৰ পৰা খেলিব পাৰিব। অৱশ্যে, ইচ্ছা কৰিলে মেছিয়ে এতিয়াও বাৰ্চিলোনা ক্লাবলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।






    উল্লেখ্য যে, ৩৪ বছৰীয়া মেছিয়ে বিগত বৰ্ষতে বাৰ্চিলোনা ক্লাব ত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছিল। লগতে মেছিয়ে অন্য দললৈ স্থানান্তৰ হোৱাৰ কথাও সদৰী কৰিছিল। স্পেনিছ বাতৰি কাকত ‘মাৰ্কা’ই প্ৰকাশ কৰা মতে, বাৰ্চিলোনা ক্লাবৰ অধ্যক্ষ জোৱান লাপোৰ্টাই মেছিক ওভতাই আনিবলৈ যথেষ্ট চেষ্টা কৰিছিল। যদিও মেছি আৰু ক্লাবৰ কৰ্তৃপক্ষৰ মাজত এতিয়াও কেতবোৰ বিষয়ৰ সমাধান কৰিবলৈ বাকী আছে।’






    প্ৰথমৰপৰাই বিত্তীয় সমস্যাত ভোগা ক্লাবটোৱে মেছিৰ অনুপস্থিতিত দলৰ স্থিতাৱস্থতা কিদৰে সন্তুলন কৰি ৰাখিব, সেইটো লক্ষ্যণীয় হ’ব। বৰ্তমান মেছিয়ে কোপা আমেৰিকাত আৰ্জেণ্টিনাক নেতৃত্ব দি আছে আৰু এই মুহূৰ্তত অন্য ক্লাবৰ সৈতে জড়িত হোৱা বা নোহোৱাক লৈ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে।