comScore
  • বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

    আঞ্চলিক
    বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল

    নুমলীগড়ঃ নুমলীগড় শোধনাগাৰ (এন আৰ এল)পুঁজিপতিক চৰকাৰে বিক্ৰী কৰা বুলি সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। এন আৰ এলৰ মূল অংশীদাৰী প্ৰতিষ্ঠান ভাৰত পেট্ৰ’লিয়াম(বিপিচিএল)ৰ স্থানত অন্তৰ্ভুক্ত হ’ল ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড আৰু ই আই এল অৰ্থাৎ ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া লিমিটেড।





    আৰু পঢ়িব পাৰিব : মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ





    শোধনাগাৰটোত অইল ইণ্ডিয়াই পূৰ্বৰ ২৬ শতাংশ অংশৰ বিপৰীতে বৰ্তমান ৫৪. ১৬ ক্ৰয় কৰাত প্ৰতিষ্ঠানটোৰ মূল অংশ হ’লগৈ - ৮০.১৬ শতাংশ। ই আই এলে অংশ ক্ৰয় কৰিলে ৪.৪ শতাংশ। অসম চৰকাৰেও পূৰ্বৰ ১২.৩৫ শতাংশৰ বিপৰীতে বৰ্তমান ৩.২ শতাংশ ক্ৰয় কৰি নিজৰ অংশ মুঠ ১৫ .৫ শতাংশলৈ বৃদ্ধি কৰিছে।





    প্ৰকৃততে শোধনাগাৰটো পুঁজিপতি ব্যক্তিৰ ওচৰত নহয় অইল আৰু ই আই এলৰ দৰে ৰাজহুৱা খণ্ডৰ অধীনলৈহে যোৱা বুলি সংবাদদাতাই জনাইছে। যিটো পূৰ্বে আন এক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ‘বিপিচিএল’ৰ অধীনত আছিল।





    আৰু পঢ়িব পাৰিব : বাদুলিৰ জৰিয়তেই আৰম্ভ হৈছিল ক’ৰ’নাৰ সংক্ৰমণ!





    উল্লেখযোগ্য যে দুবছৰৰ পূৰ্বে ভাৰত পেট্ৰ’লিয়াম বিক্ৰীৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল অসমৰ বিভিন্ন দল-সংগঠন। ফলশ্ৰুতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ব্যক্তিগত খণ্ডৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ অধীনতেই এন আৰ এলক ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam