• বিজয়ে চূড়ান্ত লক্ষ্য! কোহলী বাহিনীৰ বিৰুদ্ধে টঙালি বান্ধিছে দক্ষিণ আফ্ৰিকাই

    আঞ্চলিক
    বিজয়ে চূড়ান্ত লক্ষ্য! কোহলী বাহিনীৰ বিৰুদ্ধে টঙালি বান্ধিছে দক্ষিণ আফ্ৰিকাই

    নতুন দিল্লীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে জয়েৰে টেষ্ট ক্ৰিকেটৰ ৰেংকিং তালিকাত শীৰ্ষ স্থান দখল কৰিছে ভাৰতে। টি-২০ ক্ৰিকেটৰ পাছত বিশ্ৰাম লৈছিল অধিনায়ক বিৰাট কোহলীয়ে। দ্বিতীয় টেষ্টত কোহলীৰ প্ৰত্যাৱৰ্তনৰ সমান্তৰালকৈ বৃহত্‍ বিজয়ে আত্মবিশ্বাসী কৰি তুলিছে ভাৰতীয় দলটোক। নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা সামৰণি পৰাৰ লগে লগে এইবাৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে সাজু ভাৰত। চলিত বৰ্ষৰ ২৬ ডিচেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত। শৃংখলাখনৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ আফ্ৰিকাই কোহলী বাহিনীৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলাৰ বাবে এটা বিশাল দল ঘোষণা কৰিছে।









    দক্ষিণ আফ্ৰিকাই মুঠ ২১ জনীয়া এটা বৃহত্‍ দল ঘোষণা কৰিছে। ডিন এলগাৰৰ নেতৃত্বত দক্ষিণ আফ্ৰিকা দলটোত আত্মপ্ৰকাশ কৰিব দুখন নতুন মুখে। প্ৰথমবাৰৰ বাবে বেগী বলাৰ ছিছান্দা মাগালা আৰু উইকেট কীপাৰ ৰিয়ান ৰিকলটনে ৰাষ্ট্ৰীয় দলত সুযোগ পাইছে। ২০১৯ চনত অন্তিমখন টেষ্ট মেচ খেলা বেগী বলাৰ ডুয়ান অলিভিয়েৰৰো প্ৰত্যাৱৰ্তন দললৈ। এদিনীয়া শৃংখলাত বিশ্ৰাম লোৱাৰ পাছত দুজন বেগী বলাৰ কাগিছো ৰাৱাডা আৰু অনৰিখ নৰ্খিয়াও দললৈ উভতি আহিছে। স্বাভাৱিকতে দক্ষিণ আফ্ৰিকাৰে প্ৰতিযোগিতাত বিজয়ৰ লক্ষ্যৰেই ক্ৰীজত নামিব ভাৰত। অৱশ্যে, বিৰাট বাহিনীয়ে পূৰ্বৰ বিজয় ধাৰা অব্যাহত ৰাখিব পাৰে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!