• বিটিএডিত এবছৰত ব্যাপক হাৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

    আঞ্চলিক
    বিটিএডিত এবছৰত ব্যাপক হাৰত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

    কোকৰাঝাৰ : এটা বছৰতে বিটিএডিত উদ্ধাৰ শ শ বোমা-বাৰুদ অস্ত্ৰ-শস্ত্ৰ৷ বিগত বৰ্ষটোত অঞ্চলটোত উদ্ধাৰ হয় ২১৭টাকৈ অত্যাধুনিক মাৰণাস্ত্ৰ৷ লগতে উদ্ধাৰ ২৫২টা মেগজিন আৰু ৬৪৫৭ জাঁই সজীৱ গুলী৷





    আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই





    তদুপৰি গ্ৰেনেড উদ্ধাৰ হৈছে ৩২৯, বটল বোমা ৩, মৰ্টাৰ বোমা ১ আৰু এম ৭৯ গ্ৰেনেড ২টা৷ লগতে ২০ কেজি বিস্ফোৰকৰ লগতে কেইবাশতাধিক ডিটেনেট'ৰ উদ্ধাৰ হয় এটা বছৰৰ ভিতৰতে৷





    আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা





    সমান্তৰালভাৱে উদ্ধাৰ হৈছে ৩টা ৱাকি-টকী আৰু এটা ছেটেলাইট ফোনো৷ উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে HK ছিৰিজ ৰাইফল ৪টা৷ AK ছিৰিজ ৰাইফল ৪৬টা, M ছিৰিজ ৰাইফল ৬ টা, SLR ৰাইফল ২টা, ইনছাছ ৰাইফল ৪টা, ৰকেট লাঞ্চাৰ ১টা আৰু গ্ৰেনেড লাঞ্চাৰ ১টা৷