• বিতৰ্কত ভাৰতীয় বলাৰ, বেটছমেনক ল’বলৈ নিদিয়ে ৰান; অশ্বিনক সতৰ্কবাণী আম্পায়াৰৰ

    আঞ্চলিক
    বিতৰ্কত ভাৰতীয় বলাৰ, বেটছমেনক ল’বলৈ নিদিয়ে ৰান; অশ্বিনক সতৰ্কবাণী আম্পায়াৰৰ

    নতুন দিল্লীঃ বিতৰ্কত অশ্বিন,আম্পায়াৰে দিলে সকীয়নি। কানপুৰত চলি আছে ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টেষ্ট। প্ৰথম ইনিংছৰ অন্তত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৩৪৫ৰান সংগ্ৰহ কৰিছে। ইফালে তৃতীয় দিনৰ খেলত এতিয়ালৈকে নিউজিলেণ্ডে ৫উইকেট হেৰুৱাই ২২৮ৰান কৰিছে। খেল চলাকালীন সময়তে পুনৰ বিতৰ্কত সাঙোৰ খাইছে ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন। কানপুৰত অনুষ্ঠিত প্ৰথম টেষ্টৰ তৃতীয় দিনা বলিং কৰা সময়ত নিউজিলেণ্ডৰ বেটছমেনক অশ্বিনে বাধা দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অশ্বিনৰ এই কাণ্ডত খৰ্গহস্ত প্ৰতিপক্ষৰ খেলুৱৈ।









    আম্পায়াৰেও সতৰ্ক কৰি দিলে অশ্বিনক। অশ্বিনৰ এই কাণ্ডৰ বিষয়ে ভাৰতীয় দলৰ অধিনায়ক আজিংক্য ৰাহানেকো অৱগত কৰে আম্পায়াৰে। উল্লেখ্য যে, অশ্বিনে বল কৰাৰ পাছত আনটো মূৰত থকা বেটছমেনৰ সন্মুখলৈ আগবাঢ়ি যোৱা দেখা গৈছিল। ফলস্বৰূপে প্ৰতিপক্ষৰ খেলুৱৈৰ ৰান ল'বলৈ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি কিৱি বেটছমেনসকলে আম্পায়াৰক এই বিষয়ে অবগত কৰিছিল। আম্পায়াৰে অশ্বিনক মাতি আনি বুজালে যদিও অশ্বিনে পুনৰ বাৰ একেটা ভুলকে কৰিছিল। অৱশেষত, আম্পায়াৰে অধিনায়ক ৰাহানেক মাতি আনি সতৰ্ক কৰি দিয়ে অশ্বিনক। স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও একাধিক বিতৰ্কত জড়িত আছিল অশ্বিন। ৰাজস্থান ৰয়েলছৰ বেটছমেন জছ বাটলাৰক আউট কৰাৰ পাছত অশ্বিনৰ সেই বিতৰ্কৰ কথা কোনে পাহৰিব পাৰে। বিগত আইপিএলতো কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক ই’য়ন মৰ্গানৰ সৈতে বিতৰ্কত সাঙোৰ খাই পৰিছিল অশ্বিনৰ নাম।