• বিতৰ্কিত বিজেপি নেত্ৰী দিপাঞ্জলী কাকতীৰ জামিন

    আঞ্চলিক

    তিনিচুকীয়া : অৱশেষত আজি জামিন লাভ কৰিলে বহু বিতৰ্কিত বিজেপি নেত্ৰী দিপাঞ্জলী কাকতী। তিনিচুকীয়া সত্ৰ আদালতে জামিন মঞ্জুৰ কৰিলে দীপাঞ্জলী কাকতীৰ।

    আৰু পঢ়িব পাৰিব : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত আদৰণীয় কাৰ্যসূচী

    ২০২০ চনৰ ৮ নৱেম্বৰত কাকপথাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অপূৰ্ব দাসক প্ৰহাৰ কৰিছিল দিপাঞ্জলীয়ে৷ কৰ্তব্যৰত উপ-পৰিদৰ্শক অপূৰ্ব দাসক প্ৰহাৰ কাৰৰ অভিযোগত ২৭ তাৰিখে পুৱা কাকপথাৰৰ ডিৰাকৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীৰ্ঘদীনে পলাতক দিপাঞ্জলী কাকতিক।

    আৰু পঢ়িব পাৰিব : আজি মনোনয়ন দিব বহু গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !

    উল্লেখ্য যে কেইবাবাৰো জামিন আবেদন নাকচ কৰাৰ পাছত আজি তিনিচুকীয়া সত্ৰ আদালতে জামিন মঞ্জুৰ কৰে অভিযুক্ত দীপাঞ্জলী কাকতীক। দীপাঞ্জলী কাকতী বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱাৰ লগতে নৱ-গঠিত মৰাণ স্বায়ত্ত পৰিষদৰো কাৰ্যবাহী সদস্য আছিল।

    Weather Forecast