Sports
Digital Desk : India's young chess player D. Gukesh won an impressive amount of Rs. 11.45 crore as prize money from the FIDE World Champonship. Now, in a surprising development the ministry of Finance has
নতুন দিল্লীঃ বিগত কিছুদিনধৰি ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ৰদ-বদলক লৈ গুঞ্জন চলি আছিল। ক্ৰীড়ামহলত তীব্ৰ উত্কলণ্ঠাৰ পাছতো ৰ’নাল্ডো বা তেওঁৰ ক্লাবে সংবাদ মাধ্যমক আনুষ্ঠানিক ৰদ-বদলৰ বিষয়ে কোনো তথ্য দিয়া নাছিল। কিন্তু শেহতীয়াকৈ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে পুনৰ ম্যানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে। শুকুৰবাৰে এক বিবৃতিত ম্যানচেষ্টাৰ ইউনাইটেডে সদৰী কৰে যে, ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ স্থানান্তৰ সন্দৰ্ভত জুভেণ্টাছৰ সৈতে আলোচনা চূড়ান্ত হোৱাটো নিশ্চিত কৰিবলৈ ম্যানচেষ্টাৰ ইউনাইটেড উৎসাহিত।
ইয়াৰ পূৰ্বে, পৰ্তুগীজ তাৰকা ৰ’নাল্ডোৱে ২০০৩ চনত প্ৰথম ৰাউণ্ডত ম্যানচেষ্টাৰ ইউনাইটেডত যোগদান কৰিছিল আৰু ২০০৯ চনলৈকে ইউনাইটেডৰ জাৰ্ছীত ২৯২খন খেলত ১১৮ টা গ’ল দিছিল। পৰৱৰ্তী সময়ত ৰ’নাল্ডোৱে ৰিয়েল মাদ্ৰিদত যোগদান কৰিছিল। তাৰ পাছত, পৰ্তুগীজ তাৰকাজনে জুভেণ্টাছত সুদীৰ্ঘ ১২ বছৰ খেলাৰ পাছত পুনৰ মানচেষ্টাৰ ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন কৰিছে। উল্লেখ্য যে, জুভেণ্টাছৰ প্ৰশিক্ষক মেচিমিলিয়ানো এলেগ্ৰীয়ে তাৰকা ফৰৱাৰ্ড গৰাকীক ৩বছৰৰ অন্তত ক্লাব ত্যাগ কৰিব বিচাৰিছে বুলি কোৱাৰ পাছতে মানচেষ্টাৰ ইউনাইটেডে ৩৬ বছৰীয়া তাৰকাগৰাকীৰ অভিষেকৰ বাবে আগবাঢ়ি আহিছে।
Leave A Comment