National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
ডিজিটেল ডেস্কঃ ২০১৩ চনৰ ৬ নৱেম্বৰত আৰম্ভণি। কেতিয়াবা যদি ২১২, কেতিয়াবা শূণ্য। ধৈৰ্য আৰু একাগ্ৰতাৰে নিৰন্তৰে তেওঁ লাগি গৈছে নিজৰ কৰ্মত। সুদীৰ্ঘ ৮ বছৰৰ মূৰত পালে সফলতা, অৰ্জন কৰিলে বিদেশৰ মাটিত প্ৰথমটো শতক।
ৰোহিত শৰ্মা, ভাৰতীয় ক্ৰিকেটত নিজৰ বেটিং শৈলীৰে ইতিমধ্যে স্ব-প্ৰতিভাৰ নিদৰ্শন দিছে তেওঁ। 'দ্য হিটমেন' শৰ্মাই খেলি গৈছে ইটোৰ পাছত সিটো দৰ্শনীয় ইনিংছ। ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ চতুৰ্থখন খেলৰ দ্বিতীয় ইনিংছত ৰোহিতে অৰ্জন কৰিলে বিদেশৰ মাটিত প্ৰথমটো টেষ্ট শতক। এইখন মেচতেই ৰোহিত শৰ্মাই অতিক্ৰম কৰিছে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫০০০ ৰাণৰ সীমা। এতিয়ালৈ ৪৩ খন টেষ্টত অংশ লোৱা ৰোহিতে সংগ্ৰহ কৰিছে ৩০৪৭ ৰাণ, য'ত আছে ৮টা শতক আৰু ১৪টা অৰ্ধশতক।
ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাৰ চতুৰ্থখন টেষ্টৰ প্ৰথম ইনিংছত ভাৰত ৯৯ ৰাণ পিছ পৰাৰ পাছত দ্বিতীয় ইনিংছত 'দ্য হিটমেন' শৰ্মাই শতকীয় ইনিংছৰে দলক উদ্ধাৰ কৰাই নহয়, দিছে এক আশাপ্ৰদ অগ্ৰগতিও। আগন্তুক দিনত ক্ৰীড়ানুৰাগীয়ে ৰোহিতৰ পৰা আৰু অধিক প্ৰভাৱশালী ইনিংছ আশা কৰিছে।
Leave A Comment