• বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা! ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

    আঞ্চলিক
    বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা! ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

    গুৱাহাটী : আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেলযোগে শক্তি বিভাগৰ অনাদায় বিলসমূহ শীঘ্ৰে পৰিশোধৰ আহ্বান জনায়৷ এই সংবাদমেলত উপস্থিত থাকে শক্তি বিভাগ মুখ্য সচিব নিৰজ বাৰ্মা৷ বিদ্যুতৰ বিল পৰিশোধ নকৰাসকলৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰে ডিজিপি মহন্তই৷ চুৰকৈ বিদ্যুৎ সংযোগ কৰাসকলক সকীয়নি দিয়ে শক্তি বিভাগে৷ ১লাখ ১৩হাজাৰ লোকৰ বিদ্যুৎ কৰ্তন কৰাৰ পিছত বিল পৰিশোধ কৰাৰ কথা বিভাগে প্ৰকাশ কৰে।





    বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ সংযোগ কৰাৰ পদক্ষেপ গ্ৰহণৰ কথাও প্ৰকাশ কৰে৷ লগতে, বিগত মাহত ২ কোটি ১০ লাখ অনাদায় শক্তি বিভাগে আদায় কৰাৰ কথাও প্ৰকাশ কৰে৷ সংবাদমেলত ভাস্কৰজ্যোতি মহন্তই কয় যে, নিজৰ উপকাৰৰ বিনিময়ত লাখ লাখ মানুহৰ অপকাৰ বন্ধ কৰক৷ চুৰি কৰি বিদ্যুৎ সংযোগ কৰিলে জনসাধাৰণৰ বাবেই বেয়া হ'ব৷ বিদ্যুত চুৰি তথা এই সম্পৰ্কীয় অন্য গোচৰসমূহ এতিয়াৰ পৰা সাধৰণ গোচৰৰ দৰেই লোৱা হ'ব৷





    অন্য চোৰৰ দৰেই বিদ্যুৎ চুৰিৰ গোচৰ এতিয়া একেই হ'ব বুলি সকীয়নি দি সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ আহ্বান জনায় মহন্তই৷ তদুপৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ওপৰত কোনোধৰণৰ আতিশয্য নচলিব বুলিও প্ৰকাশ কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ কোনো লোকে যদি দায়িত্বৰ সময়ত বাধা দিয়ে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে৷ এই ক্ষেত্ৰত ৰাইজক সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়৷





    জুন মাহত এপিডিচিএল-এ ১৯০৪টা চোৰাং বিদ্যুৎ সংযোগ ধৰা পেলাইছে আৰু ৬১১টা গোচৰ ৰুজু কৰা বুলিও তেওঁ সদৰি কৰে৷ লখিমপুৰ, নগাঁও, মঙলদৈত সৰ্বাধিক বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ অহা বুলি তেওঁ প্ৰকাশ কৰে৷ লখৰা, গড়ভঙাৰ নিৰুদ্দেশৰ ঘটনাৰ অনুসন্ধান অব্যাহত আছে বৰ্তমান৷ ২৮ তাৰিখে অসম আৰক্ষীয়ে শুভাৰম্ভ কৰিছিল ১৫৫২৬০ টোল ফ্ৰি হেল্পলাইন নম্বৰ য'ত ২৪ ঘণ্টাই যিকোনো লোকে যিকোনো গোচৰ আৰক্ষীক দিব পাৰে৷ ৪ দিনত এনে ১১২টা গোচৰ পঞ্জীয়ন হৈছে বুলি তেওঁ প্ৰকাশ কৰে৷ ইয়াৰে বহুকেইটা গোচৰত সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে৷