• বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

    আঞ্চলিক
    বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

    গোৱালপাৰাঃ বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতবাৰীত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুলীয়া ছাত্ৰ।





    আৰু পঢ়িব পাৰিব : আজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ’ব ২ বিষয়াৰ জীৱন ?





    নিহত ছাত্ৰগৰাকী দুধনাথ হিল গাঁৱৰ ৰফিক আলীৰ পুত্ৰ মুক্তাৰুল ইছলাম (১৪) বুলি জানিব পৰা গৈছে। ধুবুৰী অভিমুখী NL 01Q - 6018 নম্বৰৰ মালবাহী ট্ৰাকে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই পথটোৰে চাইকেল চলাই যোৱা ছাত্ৰজনক। ফলত থিতাতে নিহত হয় স্কুলীয়া ছাত্ৰজন।





    আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ





    এই ঘটনাক কেন্দ্ৰ কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ সোণামুখীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। যাৰবাবে ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাত আবদ্ধ হৈ পৰে শ শ যান-বাহন। পাছত ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।