• বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং

    আঞ্চলিক
    বিশেষভাৱে সক্ষম লোকে নিৰ্মাণ কৰি উলিয়ালে পকী দলং

    শিৱসাগৰ : এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ কাৰ্য৷ বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়ালে এখন দলং৷ তাৰ পাছতেই চৰ্চালৈ অহা পৰিলক্ষিত হৈছে এই দলংখন৷ দলংখনৰ নাম হৈছে টনা-আঁজোৰা৷ শিৱসাগৰ জিলাৰ ডিমৌৰ এই দলংখন এতিয়া সকলোৰে বাবে বিশেষ দলং হিচাপে চিহ্নিত হৈছ৷





    আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াৱহতাৰ মাজতে কেইবাখনো ৰাজ্যত ‘বাৰ্ড ফ্লু’ৰ আতংক





    ডিমৌ শুকানপুখুৰী বাইলুং গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষভাৱে সক্ষম এই লোকজনে নিৰ্মাণ কৰি উলিয়ায় এই দলংখন৷ দুখন জিলাৰ দুটা সমষ্টি সংযোগী এই দলংখন৷ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি আৰু ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ শুকানপুখুৰী আৰু ধেমেছীবাসীৰ যাতায়াতৰ বাবে অতি প্ৰয়োজনীয় এই দলংখন৷ কিন্তু দশক দশক জুৰি কোনো চৰকাৰ অথবা জনপ্ৰতিনিধিৰ চকুত পৰা নাছিল এইখন দলং৷





    আৰু পঢ়িব পাৰিব : উত্তৰ প্ৰদেশত আন এক জঘন্য ঘটনা, বলি ৫০ বছৰীয়া মহিলা





    পকী দলংখন নিৰ্মাণ কৰি মঙলবাৰে ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰি দিলে লোকজনে। বাইলুঙে ১৪ লাখ টকা ব্যয় কৰি সম্পূৰ্ণ কৰি তুলিলে ‘টনা-আঁজোৰা’ দলং। কেৱল গাঁঠিৰ ধনেই নহয়, আত্মসহায়ক গোটৰ পৰা ঋণ লৈ হ’লেও দলংখনৰ সপোন বাস্তৱ কৰি তুলিলে লোকজনে।