• বিশ্বনাথ, কাজিৰঙা, কাছাৰত পথ দুৰ্ঘটনা: মৃত ৬জন, আহত ১৬জনৰো অধিক

    আঞ্চলিক
    বিশ্বনাথ, কাজিৰঙা, কাছাৰত পথ দুৰ্ঘটনা: মৃত ৬জন, আহত ১৬জনৰো অধিক

    গুৱাহাটী : ৰাজ্যত ভয়াৱহ হাৰত সংঘটিত হ'বলৈ ধৰিছে দুৰ্ঘটনা৷ প্ৰতিদিনে ঘাইপথত বাহনৰ মুখামুখী সংঘৰ্ষত থিতাতেই নিহত হয় সহস্ৰাধিক লোক৷ আজি পুৱাই কাজিৰঙাৰ হালধিবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত থিতাতেই নিহত হয় তিনিজন। নলবাৰীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা AS01EA 4672 নম্বৰৰ মাৰুতী এলট’ গাড়ীৰ গছৰ মুঢ়াত তীব্ৰ জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত নলবাৰীৰ কনকসেন দাস, ফুলেন বৰ্মন আৰু কাৰ্বি আংলঙৰ বীৰেণ ৰংপি।





    আৰু পঢ়িব পাৰিব : পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক টেট-২০১৯ৰ উত্তীৰ্ণ





    ইপিনে আজি কাছাৰতো সংঘটিত হয় কেইবাটাও ভয়াৱহ দুৰ্ঘটনা৷ মৃত্যু হয় ২ জনৰ আনহাতে আহত হয় ১৬ জন৷ কাছাৰৰ প্ৰথম দুৰ্ঘটনাটো সংঘটিত হয় শালচাপৰাত। শিলচৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত অটো ৰিক্সা আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত থিতাতে নিহত অটো ৰিক্সাৰ দুজন যাত্ৰী । আহত হৈছে ট্ৰেভেলাৰৰ ১৩ গৰাকী যাত্ৰী । আহতসকলক প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ। জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা এজনৰ নাম হৈছে অসিত দাস । মৃত্যু হোৱা আন এগৰাকী মহিলাৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই৷ দ্বিতীয় দুৰ্ঘটনা সংগঠিত হৈছে শিলচৰ শহৰৰ ৰাঙ্গিৰখাড়িত ৷ এখন দ্ৰুতগামী ৱেগ’নাৰ গাড়ী আহি ৩ জন পথচাৰীক খুন্দা মাৰে৷ পথচাৰীক খুন্দা মাৰাৰ পাছত সড়কৰ দাঁতিত থিয়ৈ থকা এখন এল্ট’ গাড়িত আহি খুন্দা মাৰে ৱেগ’নাৰে ।





    আৰু পঢ়িব পাৰিব : আইপিএলত জুনিয়ৰ তেণ্ডুলকাৰ, নিলামত ক্ৰয় কৰিলে মুম্বায়ে





    পথচাৰীৰ মাজত ২গৰাকী মহিলা ১জন যুবক আছিল৷ বৰ্তমানে ২ মহিলা সংকটকজনক বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন । আনহাতে বিশ্বনাথ লাহৰিজানটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ তেজপুৰ অভিমুখে আহি থকা As 03 T 4770 নম্বৰ স্কৰপীয় বাহনে মহতিয়া লৈ যায় বাইক আৰোহীক ৷ বাইক আৰোহী জন লাহৰিজানৰ গোপাল মিশ্ৰ বুলি জানিব পৰা গৈছে ৷ স্কুলৰ পৰা নিজৰ লৰাটোক আনিবলৈ যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ স্হানীয় ৰাইজৰ সহযোগত সংকট জনক অৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে বাইক আৰোহী জনক ৷ ইতিমধ্যে বাইক আৰোহীজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।