• বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

    আঞ্চলিক
    বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

    নগাঁও : ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। এই বৰ্ষতেই মুকলি হ'ব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ। ভক্তৰ বাবে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্দিৰটো উদ্ধোধনৰ লগে লগেই বিশ্বৰ বুকুত উজলি উঠিব অসম তথা নগাঁৱৰ নাম। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো মুকলি কৰি দিয়া হ'ব এই বৰ্ষতে।নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰটোৰ।





    আৰু পঢ়িব পাৰিব : আৰক্ষীৰ গুণ্ডাৰাজ: বৈধ চালান থকা গাড়ীৰ চালকক প্ৰহাৰ





    ২০০৪ চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণকাৰ্য চলি আছিল। এই বৰ্ষৰ মাঘী পূৰ্ণিমাত অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত হ'বলগীয়া ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হোৱাৰ পাছতেই কোনো এটি শুভ ক্ষণত ভক্তৰ বাবে মুকলি কৰি দিব মন্দিৰৰ দুৱাৰ।যাৰ বাবে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰভাগ উদ্ধোধন কৰিব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।





    আৰু পঢ়িব পাৰিব : দেশজোৰা ‘চাক্কা জাম’ সমাপ্ত : কৃষি আইন বাতিলৰ সময়সীমা ২ অক্টোবৰলৈ





    লগতে প্ৰধানমন্ত্ৰী আগমনৰ বাৰ্তা পাই মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে। আনহাতে অনুষ্ঠিত হ'বলগীয়া ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞত ১৮০জন তামিল পণ্ডিতৰ লগতে সৰ্বমুঠ ৪০০জন বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। উল্লেখ্য যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত উদ্ধোধনী কাৰ্যসূচীৰ বাবে এতিয়া প্ৰস্তুতি তুংগত উঠিছে।