• বিস্ফোৰক অভিযোগ : আম্বানীক গটালে চিৰিয়াখানাৰ সম্পদ!

    আঞ্চলিক
    বিস্ফোৰক অভিযোগ : আম্বানীক গটালে চিৰিয়াখানাৰ সম্পদ!

    গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ দুটাকৈ ব্লেক পেন্থাৰ গোপনে আম্বানীক গোটোৱাৰ অভিযোগ৷ চৰকাৰী নীতি উলংঘাৰে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ডিএফঅ’ই দুটা ব্লেক পেন্থাৰ স্থানান্তৰৰ অভিযোগ উত্থাপন হৈছে৷





    আৰু পঢ়িব পাৰিব : টিকাকৰণ : সামগ্ৰিক ব্যৱস্থাক লৈ সন্তুষ্ট হিতাধিকাৰী





    অভিযোগ অনুসৰি ৰিলায়েন্স গ্রুপৰ ‘গ্ৰীন জুল'জিকেল’লৈ প্ৰেৰণ কৰা হৈছে দুটাকৈ ব্লেক পেন্থাৰ৷ ইপিনে এই বিস্ফোৰক অভিযোগক অস্বীকাৰ কৰিছে ডিএফঅ’ই। তেওঁ বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে, সম্পূৰ্ণ চৰকাৰী নীতি নিয়মেৰে প্ৰেৰণ কৰা হৈছে দুয়োটা ব্লেক পেন্থাৰ।





    আৰু পঢ়িব পাৰিব : জীৱনৰ পৰম আকাংক্ষিত মুহূৰ্তৰ সাক্ষী হ’বলৈ নাপালে শিক্ষক গোলোক শৰ্মাই





    কেন্দ্ৰীয় চিৰিয়াখানাৰ অনুমতি সাপেক্ষে প্ৰেৰণ কৰা হৈছে ব্লেক পেন্থাৰ দুটা৷ ব্লেক পেন্থাৰৰ বিনিময়ত ইজৰাইলৰ পৰা গুৱাহাটীলৈ আহিব ৪টাকৈ জেব্ৰা৷