Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ট’কিঅ’ : শনিবাৰে বিশ্বৰ শীৰ্ষতাৰকা টাই-জু-য়িঙৰ বিৰুদ্ধে বেদনাদায়ক পৰাজয়ৰ পাছত আজি ব্ৰঞ্জৰ পদকৰ বাবে প্লে-অফত চীনৰ হি-বিং-জিয়াওৰ মুখামুখি হ’ব সিন্ধু। সিন্ধুৱে বেডমিণ্টনত ভাৰতৰ হৈ প্ৰথমটো অলিম্পিক স্বৰ্ণ লাভ কৰিব নোৱাৰিলেও ব্ৰঞ্জৰ পদকৰ বাবে এতিয়াও আশা সজীৱ হৈ আছে। বিগত ৫ বছৰত শীৰ্ষপৰ্যায়ৰ সকলো ইভেণ্টত পদক অৰ্জন কৰা আটাইতকৈ ধাৰাবাহিক খেলুৱৈসকলৰ মাজৰ এজন সিন্ধু, ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী সিন্ধুয়ে আজি তৃতীয় স্থানৰ খেলত বিং-জিয়াওৰ মুখামুখি হ’ব।
ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতৰ ১৯৮৬ চনৰ এছিয়ান গেমছ ভলীবল দলৰ সদস্য তথা সিন্ধুৰ পিতৃ ৰমনাই সাংবাদিকৰ আগত সদৰী কৰে যে, ‘আজি আমি অধিক সতৰ্ক আৰু সাৱধান হ’ব লাগিব। দেশৰ বাবে পদক লাভ কৰিবলৈ সৰ্বোচ্চ উজাৰি দিব লাগিব।’ লগতে তেওঁ কয় ,‘সিন্ধুৱে পৰাজয়ৰ গ্লানিন পাহৰা উচিত যদিও যিকোনো খেলুৱৈয়ে তৃতীয় আৰু চতুৰ্থ স্থানৰ বাবে খেলাটো বেদনাদায়ক তথাপি দেওবাৰৰ প্ৰতিযোগিতাখনক নতুন খেল হিচাপে গ্ৰহণ কৰা উচিত।’ অৰ্জুন বঁটা প্ৰাপক ৰমনাই কয়, ‘ছেমিফাইনেল তীব্ৰ সংঘৰ্ষৰ সময়ত টাই-জুৱে সিন্ধুক কোনো সুযোগ দিয়া নাছিল। এজন খেলুৱৈ যেতিয়া আহিব নোৱাৰে, নিশ্চিতভাৱে,এই সকলোবোৰ ঘটে। টাই-জুৰ প্ৰতিটো ড্ৰপ শ্বট সফলতালৈ লৈছে। প্ৰকৃততে, টাই-জুৰ বিৰুদ্ধে খেলাৰ কৌশল টো হ’ল আমি শ্বাট’লটোত কমেও ২৫-৩০টা শ্বট ৰাখিব লাগিব। আজি সেই সুযোগো নাছিল।’
Leave A Comment