• ব্ৰহ্মপুত্ৰত ভোগ প্ৰদান, নাম-প্ৰসংগৰে মাজুলী দলঙৰ ভূমিপূজন

    আঞ্চলিক
    ব্ৰহ্মপুত্ৰত ভোগ প্ৰদান, নাম-প্ৰসংগৰে মাজুলী দলঙৰ ভূমিপূজন

    মাজুলী : আজি মাজুলীবাসীৰ বাবে বহু প্ৰতীক্ষিত এটা দিন৷ আজি যোৰহাট-মাজুলী সংযোগী দলঙৰ আধাৰশিলা স্থাপনৰ আগতে সম্পন্ন হয় ভূমিপূজন৷ এইবাৰ ভূমিপূজন মাজুলীত কিছু ব্যতিক্ৰমী ৰূপত সম্পন্ন হয়৷ সত্ৰীয়া পৰম্পৰা অনুসৰি কৰা হ’ল নাম-প্ৰসংগ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে সম্পন্ন কৰিলে ‘ব্ৰহ্মপুত্ৰ নমন’ কাৰ্যসূচী৷





    আৰু পঢ়িব পাৰিব :উন্নাওত চাঞ্চল্য : পথাৰৰ মাজত দুগৰাকী কিশোৰীৰ মৃতদেহ





    মাজুলী অফলামুখত ব্ৰহ্মপুত্ৰত ভোগ প্ৰদান আৰু দক্ষিণপাট সত্ৰৰ সমিপত নামেৰে শভাৰম্ভণি কৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ। ইপিনে ফুলনিত বিশাল জনসভাত অংশ ল’ব নীতিন গাডকাৰীয়ে৷ ইপিনে ভিডিঅ’ কনফাৰেন্সযোগে অংশ লয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷





    আৰু পঢ়িব পাৰিব :ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…





    আনহাতে ১০ হাজাৰ গামোচাৰে সম্বৰ্ধনা জনাব মুখ্যমন্ত্ৰীক৷ ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে স্থাপন হৈছিল আধাৰশিলা আজি আধাৰশিলাৰ সুদীৰ্ঘ ৫ বছৰৰ মূৰত হৈছে ভূমিপূজন৷