Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
বৰপেটা : বৰপেটা চহৰৰ প্ৰতিদিনে বৃদ্ধি পাবলৈ দৰিছে জুৱা, মদ, ড্ৰাগছ, আৰু গাঁজাৰ অবাধ বেহা। ড্ৰাগছৰ পয়োভৰে যুৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত বিভিন্ন ঠাইত গোপন সূত্ৰৰ পম খেদি বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও সফল হ'ব পৰা নাই।
আৰু পঢ়িব পাৰিব :‘কমকৈ খাব লাগে, নিয়মিত ভিটামিন ল’ব লাগে’ – কিয় ক’লে মন্ত্ৰী হিমন্তই ?
নিশা এক গোপন সূত্ৰৰ পম খেদি বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে বিশেষ দক্ষতাৰে বৰপেটাৰ খাৰুৱা পাৰা অঞ্চলৰ পৰা জিন্নত খান (৩০)পিতা- খেৱাজ খান নামৰ ইয়াবু টেবলেট আৰু ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।
আৰু পঢ়িব পাৰিব :সুৰা-জুৱাৰ বাবেই স্বামীৰ হাততে প্ৰাণ গ’ল মহিলাৰ! আটক হত্যাকাৰী
সৰবৰাহকাৰী জনৰ পৰা বৰপেটা আৰক্ষীয়ে ৫১০ টা ইয়াবু টেবলেট আৰু সন্দেহজনক ড্ৰাগছ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আটকাধীন অভিযুক্ত জনক পৰৱৰ্তী সময়ত বৰপেটা জিলা ন্যায়াধীশলৈ প্ৰেৰণ কৰা হয়।
Leave A Comment