• বৰপেটা ৰোডত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২২ লাখ

    আঞ্চলিক
    বৰপেটা ৰোডত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২২ লাখ

    বৰপেটা ৰোড : বিধানসভা নিৰ্বাচনক লৈ অব্যাহত আছে ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ তালাচী অভিযান৷ নিৰ্বাচনৰ বতৰত টকাৰ উজান উঠিছে বৰপেটাৰোডত। আজি ফ্লায়িং স্কোৱাড আৰু বৰপেটাৰোড আৰক্ষীৰ অভিযানত জব্দ ২২ লাখ টকা৷ AS 01BY5071নম্বৰৰ ডেটচান গাড়ী এখনৰ পৰা জব্দ কৰা হয় ধনখিনি ৷





    আৰু পঢ়িব পাৰিব : কলগাছিয়াত ডাম্পাৰৰ দৌৰাত্ম্য! আহত ৩





    বৰপেটা জিলাৰ হাউলীৰ ছাইফুল ইছলাম আৰু মিৰাজ আলী নামৰ ব্যক্তি দুজনে আহমেদ ষ্টীল নামৰ প্ৰতিষ্ঠানটোৰ পৰা কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ ধনখিনি৷ বৰপেটাৰোডৰ ষ্টেট বেংকৰ সন্মুখত তালাচীৰ সময়ত জব্দ হয় উক্ত ধনখিনি৷





    আৰু পঢ়িব পাৰিব :২১টা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা





    ধৃত দুয়োগৰাকী ব্যক্তিয়ে আহমেদ ষ্টীল নামৰ প্ৰতিষ্ঠানটোৰ পৰা ধনখিনি বেংকত জমা কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি দুয়োকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে৷