• বৰষাৰাণীৰ ধমকত সভাৰ পৰা পলাল ধৰ্মকান্ত !

    আঞ্চলিক
    বৰষাৰাণীৰ ধমকত সভাৰ পৰা পলাল ধৰ্মকান্ত !

    নলবাৰী : নলবাৰী বানেকুছিত উপস্থিত হয় জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। আজি নলবাৰীৰ বানেকুছিৰ বৰনগৰত ‘হেপী চাইল্ড একাডেমী’ নামে এখন নতুন বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ অৰ্থে উপস্থিত হয় অভিনেত্ৰীগৰাকী।





    আৰু পঢ়িব পাৰিব : দীপৰ বিলৰ চকৰ্দো মিকিৰপাৰাত ভূ-মাফিয়াৰ দপদপনি





    উক্ত অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক দীপক শৰ্মা, অভিনেত্ৰী বৰষাৰাণী বিষয়া, আশা বৰদলৈ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈকে ধৰি বহুতো ব্যক্তি৷ লক্ষ্যণীয়ভাৱে সভাত ধৰ্মকান্ত গগৈয়ে ভাষণৰ মাজতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক কটাক্ষ কৰি অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত জীৱনৰ কিছু কথা সমালোচনা কৰে আৰু তাৰ পাছতে বৰষাৰাণী বিষয়াই লগে লগে উভতি ধৰে ধৰ্মকান্ত গগৈক।





    আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড





    ইয়াৰ পাছতে বৰষাৰাণীৰ তীব্ৰ প্ৰত্যুত্তৰত সভা এৰি পলায়ন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ সভাপতি গৰাকী।