• ভাষা বিতৰ্কক লৈ উত্তাল বৰাক

    আঞ্চলিক
    ভাষা বিতৰ্কক লৈ উত্তাল বৰাক

    ডিজিটেল ডেস্কঃ অসমীয়া ভাষা ৰ বিৰ্তকক লৈ অব্যাহত আছে প্ৰতিবাদ। ভাষা বিতৰ্কৰ সন্দৰ্ভত এইবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে হাইলাকান্দি জিলাত। জিলাৰ কাটলিছেড়া সমষ্টিৰ কৃষ্ণপুৰ গাঁৱত ৰাইজৰ দলে বিডিএছএফৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।





    ‘প্ৰদীপ দত্ত ৰয় মুৰ্দাবাদ’, ‘প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিব লাগে’-আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ কৰ্ম-কৰ্তাসকলে। পাছত সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰদীপ দত্ত ৰয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিবাদ সৃষ্টি কৰে। প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে। ৰাইজৰ দলৰ সভাপতি জহিৰউদ্দিন লস্কৰে কয় যে, ‘হাইলাকান্দিত চৰকাৰী কাৰ্যালয় তথা ভিন্ন স্থানত অসমীয়া ভাষাৰে লিখা পোষ্টাৰ লগাব যদি প্ৰদীপ দত্ত ৰয়ৰ দম আছে খুলি দেখোৱাক’-বুলিও হুংকাৰ প্ৰদান কৰে।