Regional
ডিজিটেল ডেস্কঃ আজি ‘বিশ্ব গঁড় দিৱস’। ২০১১ চনৰে পৰা প্ৰত্যেক বছৰে ২২ ছেপ্তেম্বৰৰ দিনটোত আন্তৰ্জাতিকভাৱে পালন কৰা হয় ‘বিশ্ব গঁড় দিৱস’। ভাৰতীয় তেল নিগমে অসম গৌৰৱ এশিঙীয়া গঁড়ক ‘মেস্কট’ হিচাপে গ্ৰহণ কৰাৰ লগতে গঁড়ৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়।
আজি ভাৰতীয় তেল নিগমৰ সহযোগত ৰেডিঅ' গপশ্বপ-এ আয়োজন কৰে ‘বিশ্ব গড় দিৱস’। গুৱাহাটীৰ গণেশগুৰিৰ এটা পেট্ৰ’ল পাম্পত দিনজোৰা কাৰ্যসূচীৰে এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰে ৰেডিঅ’ গপশ্বপ-এ। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ কাৰ্যবাহী সঞ্চালক জি ৰমেশ আৰু গপশ্বপৰ বিষয়া ৱাছিম আহমেদ। উল্লেখ্য যে, ৰেডিঅ’ গপশ্বপ-এ ভাৰতীয় তেল নিগমৰ সহযোগত বিশেষ দিনটোক মান্যতা দিয়াই অনুষ্ঠানটো ৰেডিঅ’ ৰাইন’ নামে নামকৰণ কৰে।
Leave A Comment