• ভাৰতৰ বিৰুদ্ধে ৩-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা

    আঞ্চলিক
    ভাৰতৰ বিৰুদ্ধে ৩-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা

    ট’কিঅ’ : অলিম্পিক গেমছৰ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত ভাৰতীয় পুৰুষ হকী দল। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ৩-১ গ’লৰ ব্যৱধানত চমকপ্ৰদ জয় ভাৰতৰ। বৃহস্পতিবাৰে অনুষ্ঠিত খেলখনৰ অন্তিম ২মিনিটত আৰ্জেণ্টিনাৰ দুৰ্গ ভেদি ২টাকৈ গ’ল দিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ সৈতে শোচনীয় পৰাজয় পাছত ভাৰতীয় হকী দলৰ ক্ৰমাগত দ্বিতীয় জয়ে আশাৰ ৰেঙনি কঢ়িয়াইছে।






    প্ৰথম ২টা কোৱাৰ্টাৰ গ’লবিহীন হোৱাৰ পাছত, খেলৰ ৪৩ মিনিটত বৰুণ কুমাৰে ভাৰতৰ হৈ প্ৰথমটো গ’ল দিয়ে। খেলৰ ৪৮ মিনিটত আৰ্জেণ্টিনাই পেনাল্টি কৰ্ণাৰ জৰিয়তে ১-১ গ’লৰ সমতা স্থাপন কৰে। খেলৰ দ্বিতীয়াৰ্দ্ধত বিজয়ী গ’লৰ সন্ধানত দুয়োটা দল আক্ৰমনাত্মক হৈ পৰে। অন্তিম মুহূৰ্তত বিবেক সাগৰ প্ৰসাদ আৰু হৰমনপ্ৰীত সিঙৰ নিৰ্ণায়ক ২টা গ’লেৰে ভাৰতে বিজয় নিশ্চিত কৰে। উল্লেখ্য যে, পুল-‘এ’ৰ খেলত ভাৰতৰ এয়া তৃতীয় জয়। আৰ্জেণ্টিনাৰ হৈ শ্বুথ কেচেলাৰে একমাত্ৰ গ’লটো দিবলৈ সক্ষম হৈছিল।