ৰাষ্ট্ৰীয়
গুৱাহাটীঃ আজি দেশজুৰি ব্যৱসায়-বাণিজ্য, চকা বন্ধ । ‘কনফেডাৰেশ্যন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ’-এ আহ্বান জনাইছে এই বন্ধৰ। জিএছটি সংশোধন, পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ প্ৰতিবাদকে ধৰি বিভিন্ন দাবীত আহ্বান জনোৱা হৈছিল এই বন্ধৰ। ৪০ হাজাৰ ব্যৱসায়িক সন্থাৰ যৌথ মঞ্চই এই বন্ধলৈ সমৰ্থন জনাইছে।
আৰু পঢ়িব পাৰিব : অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে
সৰ্বভাৰতীয় পৰিবহণ কৰ্মী কল্যাণ সংঘয়ো এই বন্ধলৈ সমৰ্থন দিছে। দেশজুৰি এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখা গৈছে। বাণিজ্যিক বাহনৰ চলাচল সেৰেঙা হৈছে বন্ধৰ প্ৰভাৱত।
দেশৰ লগতে অসমতো এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
আৰু পঢ়িব পাৰিব : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ…
মহানগৰীতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। মহানগৰীত বন্ধৰ প্ৰভাৱ কিছু পৰিমাণে পৰা দেখা গৈছে। ভালেমান ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কিছু কিছু ঠাইত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক যদিও ঠাই বিশেষে মিশ্ৰিত প্ৰভাৱ পৰিছে।
Leave A Comment