• ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ...

    আঞ্চলিক
    ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ...

    ধুবুৰী : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহু প্ৰত্যাশিত দলংখনৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰে৷ ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত সুগম কৰি তুলিব৷





    আৰু পঢ়িব পাৰিব : ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ চাৰি যুৱতী





    দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে আজি ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী৷





    আৰু পঢ়িব পাৰিব : কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত বনকৰ্মী নিহত





    'জাইকা'ৰ ঋণেৰে নিৰ্মাণ কৰা হ'ব দলংখন৷ নিৰ্মাণ কৰিব দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান 'এল এণ্ড টি'য়ে৷ এই দলং নিৰ্মাণত মুঠ খৰছ হ'ব ৪,৯৯৭ কোটি টকা৷