Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰত ভিক্ষাৰ ধনৰ ভাগ-বটোৱাৰাক লৈ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। চৌকত আলী নামৰ এজন ভিক্ষাৰীয়ে হত্যা কৰিলে আব্দুল নূৰ নামৰ এজন বৃদ্ধ ভিক্ষাৰীক৷
আৰু পঢ়িব পাৰিব : নিশ্চিত হ’ল অখিলৰ নিৰ্বাচন খেলা সমষ্টি : মিত্ৰতাৰ দিশে ৰাইজৰ দল-এজেপি !
উল্লেখ্য শুকুৰবাৰে পুৱতিনিশা হোজাইৰ মোৰাঝাৰ থানা এলেকাৰ মাটিখোলাৰ এটি নলাত উদ্ধাৰ হৈছিল এগৰাকী ৭০ৰ ঊৰ্ধ্বৰ বৃদ্ধ ভিক্ষাৰীৰ মৃতদেহ। মাত্ৰ তিনিদিনতে তদন্তকাৰী বিষয়া সুৰজ দত্তই ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী চৌকত আলীক৷
আৰু পঢ়িব পাৰিব : নাৰায়ণপুৰত পত্নীৰ প্ৰহাৰত হাবিলদাৰ স্বামীৰ মৃত্য়ু
চৌকত আলীয়ে ভিক্ষা কৰি পোৱা ধনৰ ভাগ-বটোৱাৰাক লৈ সংঘটিত কাজিয়াৰ বাবেই ৰডেৰে মূৰত মাৰি আব্দুল নূৰক হত্যা কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷
Leave A Comment