• ভুৱা আধাৰ কাৰ্ডৰে কৰ্মৰত ঠিকাদাৰসহ শ্ৰমিক গ্ৰেপ্তাৰ

    আঞ্চলিক
    ভুৱা আধাৰ কাৰ্ডৰে কৰ্মৰত ঠিকাদাৰসহ শ্ৰমিক গ্ৰেপ্তাৰ

    গুৱাহাটীঃ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি তেজপুৰৰ বায়ুসেনাৰ ঘাটিত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল শ্ৰমিক। দুগৰাকী ঠিকাদাৰসহ ৯জন শ্ৰমিকক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।





    আৰু পঢ়িব পাৰিব : সোণোৱাল চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ





    বায়ুসেনাৰ চোৰাং চোৱাৰ সূত্ৰৰ আধাৰত শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৮/১৪৩ধাৰাত পঞ্জীভুক্ত গোচৰ নম্বৰ:৪৬৮/২১ৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন শ্ৰমিক আৰু ঠিকাদাৰ ক্ৰমে দক্ষিণ শালমৰা মানকাছাৰৰ মহম্মদ ছাহজাহান শ্বেইখ(১৯), হাছিনুৰ আলী(১৯), ছাহজামাল এছ কে(২৩), ছাৱদান হুছেইন(২০), ছাহিদৰ ৰহমান (২১), কছাৰ আলী(১৯), নুৰ ইছলাম(১৯), আজগৰ আলী(২৫) আৰু ৱাহিদুল ইছলাম(২৩) বুলি চিনাক্ত কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : ব্যক্তিগত খণ্ডক শক্তিশালী কৰাৰ সপক্ষে প্ৰধানমন্ত্ৰী মোদী





    আৰক্ষীয়ে আজি অভিযুক্ত আটাইকেইজনক তেজপুৰ আদালতত হাজিৰ কৰাত আদালতে আটাইকেইজনকে ন্যায়ায়িক জিম্মালৈ প্ৰেৰণ কৰে।