• ভূমি বিবাদক কেন্দ্ৰ কৰি গুলীচালনা : গুৰুতৰভাৱে আহত ২

    আঞ্চলিক

    কাছাৰ : কাছাৰৰ বেৰেংগা গাঁৱত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত গুলীবিদ্ধ হয় বেৰেংগা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী নাজিবউদ্দিন বৰভূঞা৷ কঁকালত গুলীবিদ্ধ হৈ আঘাত প্ৰাপ্ত হয় নাজিবউদ্দিন৷ এই ঘটনাত নাজিমউদ্দিন লস্কৰ নামৰ আন এজন লোকো গুলীবিদ্ধ হয়৷

    জানিব পৰা মতে, ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ আলাউদ্দিন বাহিনীয়ে গুলীয়াই নাজিমউদ্দিন বাহিনীক৷ গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হয় আলাউদ্দিনৰ পত্নীও৷ উভয় পক্ষক ক্ষান্ত কৰিবলৈ যাওঁতে গুলীবিদ্ধ নাজিবউদ্দিন৷ নিশাই শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোঁৱা হয় দুই গুলীবিদ্ধক৷

    Weather Forecast

    ASSAM WEATHER