Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
বকো: ইটোৰ পাছত সিটোকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ৰাজ্যত৷ এইবাৰ বকোত আৰক্ষীৰ জালত পৰিল লম্পট যুৱক। এগৰাকী ১১বছৰীয়া কিশোৰীৰ মাতৃয়ে বকো আৰক্ষী থানাত মঙলবাৰে দাখিল কৰিছিল এজাহাৰ।
অভিযোগ অনুসৰি মঙলবাৰে বকো বনগাঁৱৰ এটা ক'ভিড ভেকচিন কেন্দ্ৰলৈ শাৰি পাতিবলৈ গৈছিল কিশোৰীগৰাকী। কেন্দ্ৰত মানুহৰ সেৰেঙা উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি এজন যুৱকে ফুচুলাই কিশোৰীগৰাকীক কিছু আঁতৰলৈ নি অসৎ কামনা চৰিতাৰ্থ কৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে নিজ মাতৃক অৱগত কৰাত মাতৃয়ে কাষ চাপে বকো আৰক্ষীৰ।
ততাতৈয়াকৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি নিশাই এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাত গুৰুত্ব প্ৰদান কৰি বুধবাৰে বকো থানাত উপস্থিত হয় আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়। ইয়াৰ পাছতে ভুক্তভোগী কিশোৰীগৰাকীৰ মন্তব্য গ্ৰহণ কৰি দোষীক চিনাক্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে৷
Leave A Comment