• ভেকচিন লোৱাৰ পাছতেই দুমহীয়া শিশুৰ অস্বাভাৱিক মৃত্যু

    আঞ্চলিক
    ভেকচিন লোৱাৰ পাছতেই দুমহীয়া শিশুৰ অস্বাভাৱিক মৃত্যু

    মৰাণ : মৰাণত ভেকচিন লোৱাৰ দুটা দিনৰ পাছতেই এটি দুমহীয়া শিশুৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে মৰাণ ৰাজ্যিক চিকিৎসালয়৷ ভুল চিকিৎসাৰ ফলতে শিশুটিৰ কৰুণ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷





    আৰু পঢ়িব পাৰিব : কৰিমগঞ্জৰ চুড়াইবাৰীত বাহনসহ জব্দ নিচাযুক্ত টেবলেট





    মৰাণ মিৰিহোলাৰ ৰাজু দেৱনাথৰ সন্তান প্ৰিয়াংশু দেৱনাথক ১৭ মাৰ্চত মৰাণ ৰাজ্যিক চিকিৎসালয়ত দিয়া হৈছিল পেণ্টাভেলেন প্ৰতিষেধত৷ ভেকচিন দিয়াৰ পাছৰে পৰা জ্বৰত আক্ৰান্ত হৈ পৰা শিশুটিৰ আজি পুৱা প্ৰায় চাৰি বজাত মৃত্যু হয়৷ শিশুটিৰ অস্বাভাৱিক মৃত্যুত ক্ষুব্ধ হৈ পৰা পৰিয়ালৰ লোকে মৰাণ ৰাজ্যিক চিকিৎসালয়ত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ ৰাহুল-প্ৰিয়ংকা গান্ধী





    আনহাতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: হিমাংশু বৰাই জানিবলৈ দিয়া মতে শিশুটিক ডেৰমহীয়া পেণ্টাভেলেন ভেকচিন দিয়া হৈছিল৷ কেতিয়াবা এই ভেকচিন দিয়াৰ পিছত বহু শিশুৰ পাৰ্শ্বক্ৰিয়া হয় যদিও এই শিশুটিৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেই সম্পৰ্কে তদন্ত কৰা হ'ব বুলি জানিবলৈ দিছে চিকিৎসকগৰাকীয়ে৷