• ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীলৈ সুখবৰ, নাট প্ৰদৰ্শনৰ বাবে প্ৰকাশ পালে এছঅ’পি

    আঞ্চলিক
    ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীলৈ সুখবৰ, নাট প্ৰদৰ্শনৰ বাবে প্ৰকাশ পালে এছঅ’পি

    ডিজিটেল ডেস্কঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ’ব লগা হৈছে। ক’ভিড পৰিস্থিতি বহুখিনি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে। আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন এছঅ’পি জাৰি কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জিলা/মহকুমা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। কনটেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্ট সংখ্যক লোকৰ ক’ভিড সংক্ৰমণ পৰিলক্ষিত নোহোৱা অঞ্চলতহে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি দিব পাৰিব প্ৰশাসনে। থিয়েটাৰ আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া-সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত/মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব লাগিব।






    অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)-এ জাৰি কৰা ক’ভিড বিধিৰ আধাৰত থিয়েটাৰ পাতিবলৈ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিব পাৰিব। থিয়েটাৰ থলীত ক’ভিড বিধি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে প্ৰযোজ্য কৰা এছঅ’পিৰ নিয়মসমূহ পালন হৈছে নে নাই, সেয়া প্ৰশাসনে যিকোনো সময়তে পৰীক্ষা কৰিব। উলংঘনৰ কথা পোহৰলৈ আহিলেই থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰিব আৰু আয়োজক সমিতি, থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজন সাপেক্ষে জিলা/মহকুমা প্ৰশাসনে থিয়েটাৰ থলীৰ সমীপৱৰ্তী এলেকাত প্ৰথম পালি বা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।






    ভ্ৰাম্যমাণ থিয়েটাৰৰ স্থানীয় আয়োজক সমিতিৰো থাকিব বিশেষ দায়িত্ব। আয়োজক সমিতিয়ে ক’ভিড বিধি আৰু ভ্ৰাম্যমাণৰ এছঅ’পিৰ নিয়মসমূহ সম্পূৰ্ণৰূপে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা/মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব। আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। আয়োজক সমিতিয়ে থিয়েটাৰ থলীৰ অঞ্চলৰ ৰাইজক ক’ভিড বিধি মানি চলাৰ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই সঘনাই মাইকেৰে ঘোষণা কৰিব লাগিব। আয়োজক সমিতিয়ে প্ৰতিনিশা সান্ধ্যআইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্যআইনৰ যথেষ্ট পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব। থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব। প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব। আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে “সকলোৱে ক’ভিড বিধি মানি চলক আৰু সকলোৱে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰক’’- বুলি ছপা কৰিব লাগিব। প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব।





    প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ আৰএটি বা আৰটিপিচিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক। জিলা/মহকুমা প্ৰশাসনে বিচাৰিলে থিয়েটাৰৰ সদস্যসকলে শেহতীয়া ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাব লাগিব। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক গোষ্ঠী, শিল্পী, কলা-কুশলী আৰু কৰ্মচাৰীৰো থাকিব বিশেষ দায়িত্ব।
    ভ্ৰাম্যমাণ থিয়েটাৰ একোখনৰ প্ৰযোজক, শিল্পী, কলা-কুশলী, কৰ্মচাৰীকে ধৰি প্ৰতিগৰাকী সদস্যই দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক। থিয়েটাৰখনৰ সকলোৱেই দুয়োপালি ক'ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে থিয়েটাৰ কৰ্তৃপক্ষই আয়োজক সমিতিৰ জৰিয়তে আগতীয়াকৈ জিলা/মহকুমা প্ৰশাসনক লিখিত ‘স্ব-ঘোষণা পত্ৰ’ দাখিল কৰিব লাগিব। প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিড বিধি সঠিকভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আগবঢ়াব লাগিব। ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত এই এছঅ’পিৰ নিয়ম সাল-সলনিও ঘটোৱা হ’ব পাৰে।